অসমশীৰ্ষ

লখিমপুৰৰ বঙালমৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

লালুকৰ পৰা বিতোপন শইকীয়া, প্ৰথম খবৰ: বুধবাৰে দুপৰীয়া লখিমপুৰ জিলাৰ বঙালমৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন তীব্ৰ বেগী ট্ৰেভেলাৰে এজন বাইক আৰোহীক মহতিয়াই নিয়াত ট্ৰাকৰ চেপাত পৰি থিতাতে নিহত হয় এজন বাইক আৰোহী৷ দুৰ্ঘটনা সংঘটিত কৰা এই দুয়োখন গাড়ীৰ চালকক পিছত বঙালমৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেভেলাৰ আৰু ট্ৰাকখনৰ নম্বৰ ক্ৰমে এ এচ-০৭ এ চি-৪৭৯৯ আৰু এ এচ-০৭ চি-২৬৯৯৷

Related Articles

Leave a Reply

Close