অসমশীৰ্ষ

শিল্পী পেঞ্চনৰ পৰা বঞ্চিত পলাশবাৰীৰ হিতেশ কলিতা

নিউজ ডেস্ক, প্ৰথম খবৰ: যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পী-সাহিত্যিক সকলৰ বাবে বিভিন্ন উন্নয়ণমূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিক সেই সময়তে চৰকাৰে আগবঢ়োৱা শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ থাকিবলগীয়াত পৰিছে পলাশবাৰীৰ হিতেশ কলিতা নামৰ ৯৫ বছৰ বয়সৰ উৰ্ধৰ শিল্পীজন। উল্লেখ্য যে হিতেশ কলিতাই ১৯৫০ চনৰ আগৰে পৰা বিভিন্ন নাট্য গোষ্ঠী, যাত্ৰা দল আদিৰ লগত জৰিত থকাৰ উপৰিও বালাং নাট অসমীয়ালৈ অনুবাদ কৰি নাট মঞ্চস্থ কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে এই ৯৫ বছৰ বয়সৰ উৰ্ধৰ লোকজনে ইয়াৰ পিছতো লাভ নকৰিলে কোনো চৰকাৰী শিল্পী পেঞ্চন৷ ইয়াৰ বাবে এতিয়া পলাশবাৰী, ধমধমা অঞ্চলৰ ৰাইজে চৰকাৰক দাবী জনাইছে যে এইগৰাকী ব্যক্তিক চৰকাৰে যাতে অতি শীঘ্ৰে শিল্পী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close