অসমশীৰ্ষ

শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ২৭তম মৃত্যু তিথি উদযাপন

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক তথা আধুনিক দিখৌমুখৰ নিৰ্মাতা কমলা শইকীয়াৰ ২৭ তম মৃত্যু তিথি উপলক্ষে বৃহস্পতিবাৰে শ্বহীদ সাংবাদিক গৰাকীৰ জন্মস্থান শিৱসাগৰ জিলাৰ দিখৌমুখত প্ৰয়াত সাংবাদিক গৰাকীক শ্ৰদ্ধাৰে সুৱঁৰা হয়৷ এই উপলক্ষে কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি, দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু দিখৌমুখ প্ৰেছ ক্লাৱৰ যুটীয়া উদ্যোগত পুৱাতে অঞ্চলটোৰ গায়েন গাওঁঁস্থিত শ্বহীদ সাংবাদিক গৰাকীৰ সমাধিস্থল “শান্তিবন”ত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ ইয়াৰ পিছতে অঞ্চলটোৰ মধ্যমস্থল ভৰলুৱা তিনিআলিত থকা প্ৰয়াত শইকীয়াৰ স্থায়ী আৱক্ষ মূৰ্ত্তিস্থলীত এখন ৰাজহুৱা স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়৷ অঞ্চলটোৰ বিদ্যালয় সমূহৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই যোৱা ২৭ টা বছৰে শ্বহীদ সাংবাদিক গৰাকীক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা আততায়ীক চৰকাৰ তথা প্ৰশাসনে কৰায়ত্ব কৰিব নোৱৰা ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ এইক্ষেত্ৰত ছাত্ৰ নেতা গৰাকীয়ে শ্বহীদ গৰাকীৰ আৱক্ষ মূৰ্ত্তিস্থলীৰ পৰাই শ্ৰীঘ্ৰেই শইকীয়াৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়৷ দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অভিজিত বড়াই আঁত ধৰা এই অনুষ্ঠানটিত কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বাণীকান্ত শইকীয়াও কমলা শইকীয়াৰ জীৱনাদৰ্শ সুৱঁৰি বক্তব্য প্ৰদান কৰে৷ উক্ত অনুষ্ঠানতে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ উপসভাপতি অৰূপ ৰাজখোৱা, গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ উপদেষ্টা ইন্দ্ৰানুজ বড়া, কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বাণীকান্ত শইকীয়া, দিখৌমুখ আছুৰ অন্যতম উপদেষ্টা সত্যব্ৰত গোস্বামী, দিখৌমুখ প্ৰেছ ক্লাৱৰ হৈ সম্পাদক নৱজ্যোতি ওজা, প্ৰণৱ খাটনিয়াৰ, দিখৌমুখ মিলিত শিল্পী সমাজৰ হৈ উপ সভাপতি পাৰ্থ প্ৰতীম বড়া, ভৰলুৱা তিনিআলি ব্যৱসায়ী সন্থা, দিখৌমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, প্ৰাক্তন ছাত্ৰ নেতা মাধূৰ্য দত্ত, পংকজ দত্ত, দিখৌমুখ শাখা সাহিত্য সভাৰ ভগ্নী সংগঠন “আকাশ”ৰ সভানেত্ৰী ৰীণা ওজা দত্ত, দিখৌমুখ জনজাতি উচ্চ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ব্যক্তিয়ে শ্বহীদ সাংবাদিক গৰাকীৰ আৱক্ষ মূৰ্ত্তিত পূস্পাঞ্জলি আগবঢ়ায়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close