শীৰ্ষৰাষ্ট্ৰীয়

সংকটজনক অৱস্থাত এইমচৰ ভেণ্টিলেচনত অটল বিহাৰী বাজপেয়ী

নেচনেল ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে৷ বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা ৯সপ্তাহ ধৰি এইমছত চিকিৎসাধীন হৈ আছিল যদিও যোৱা ২৪ ঘণ্টাত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰে৷ বৰ্তমান এইমচৰ ভেণ্টিলেচনত ৰখা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক৷ ইতিমধ্যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে আদি কৰি বিভিন্ন নেতাই৷ আনহাতে আজি পুৱাৰ ভাগত বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমচত উপস্থিত হয় ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ লগতে বিভিন্নজন৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ইতিমধ্যে ৰাওনা হৈছে দিল্লী অভিমুখে৷ এখেতেও স্বাস্থ্যৰ বুজ ল’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close