অসমশীৰ্ষ

সভ্য সমাজক লজ্যানত কৰা এক ঘটনা, মৃতদেহ সৎকাৰ কৰিবলৈও উপস্থিত নহ’ল গাওঁবাসী

প্ৰথম খবৰ, দেওমৰনৈ: জীৱশ্ৰেষ্ঠ বুলি কোৱা মানৱজাতি যেন এতিয়া অস্তিত্বৰ সংকটত৷ মানৱজাতিৰ মানৱীয়তাক তুচ্ছ প্ৰতিপন্ন কৰি নিম্ন জাতিৰ ছোৱালী অনাৰ বাবেই দৰঙৰ দেওমৰনৈৰ এটি পৰিয়ালৰ মৃতদেহ সৎকাৰ কৰিবলৈ উপস্থিত নহ’ল চুবুৰীয়া৷

উল্লেখ্য যে দৰঙৰ দেওমৰনৈৰ বাঘৰবাকীত পমিলা কলিতাই নামৰ তিৰোতাগৰাকীয়ে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালী লবলগীয়া হোৱাত দৰিদ্ৰতাই কোঙা কৰি পেলোৱা দূৰ্ভগীয়া পৰিয়ালটিৰ মৃতদেহ সৎকাৰ কৰিবলৈ ৰাজহুৱা স্মশান নথকাত মৃতদেহ সৎকাৰ কৰিবলৈ পৰিয়ালটোৱে বিচাৰি নাপালে ঠাই৷ আনহাতে দুৰ্ভগীয়া পৰিয়ালটিৰ নিজ মাটি নথকাতো পৰিয়ালটিয়ে সন্মুখীন হ’বলগা হয় প্ৰত্যাহ্বানৰ৷

লক্ষ্যণীয় যে পুত্ৰই নিম্ন জাতিৰ ছোৱালী অনাৰ বাবেই চুবুৰীয়ে হেনো এঘৰীয়া কৰি থৈছিল দুৰ্ভগীয়া পৰিয়ালটিক৷ কিন্ত পৰিয়ালটিৰ এনে বিপদৰ সময়তো এই দুৰ্ভগীয়া পৰিয়ালটিৰ সমভাগী হবলৈ আগবাঢ়ি নাহিল এইখন সমাজৰ লোক৷ পিছত সমাজৰ এনে অৱস্থা দেখি অন্যজাতিৰ আঠজনমান যুৱক আহি পৰিয়ালৰ লগত সহযোগ কৰাতহে সামাজিক নীতি-নিয়মৰ মাজেৰে পৰিয়ালৰ লোকে সৎকাৰ কৰিবলৈ সক্ষম হয় এই মৃতদেহ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close