অসমশীৰ্ষ

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসমৰ নাৰীকলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ মন্তব্য

নিউজ ডিস্ক, প্ৰথম খবৰ: গুৱাহাটীৰ খানাপাৰা ফিল্ডত কেন্দ্ৰীয়ভাৱে আয়োজিত ৭২তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমীয়া নাৰীৰ ওপৰত বহুমূলীয়া ভাষণ আগবঢ়ায়৷ এই ভাষণত অসমীয়া নাৰীৰ ত্যাগ, কষ্ট, সহিষ্ণুতাৰ প্ৰতীক হিমা দাসৰ ২০ বছৰ অনূৰ্ধ্ব বিশ্ব এথলেটিক্ছত স্বৰ্ণজয়ৰ প্ৰসংগ উল্লেখ কৰি অংকুশিতা বড়োৰ বিশ্ব যুৱ মহিলা বক্সিঙৰ স্বৰ্ণপদক জয় আৰু অসমৰ চলচ্চিত্ৰৰ জগতখনত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ সফলতাক মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া নাৰীৰ সৃষ্টিশীলতাৰ নিদৰ্শন বুলি উল্লেখ কৰে৷ তদুপৰি নাৰী সমাজক আৰু অধিক সবল কৰিবলৈ কনকলতা মহিলা সবলীকৰণ আঁচনি গ্ৰহণ, ৰাজ্যৰ ১ লাখ ২৬ হাজাৰ আত্মসহায়ক গোটলৈ ২৫ হাজাৰকৈ টকা প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি অৰ্ণমাই বৰা হত্যাকাণ্ডৰ বিৰুদ্ধে ন্যায়ালয়ে গ্ৰহণ কৰা শাস্তিমূলক পদক্ষেপৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close