অসমশীৰ্ষ

স্বাধীনতা দিৱস উপলক্ষে বৰপেটাত চিত্ৰাংকন প্রতিযোগীতা

বৰপেটাৰপৰা ছফিক আহমেদ, প্ৰথম খবৰ: অহা ১৫ আগষ্ট ২০১৮ ইং তাৰিখে স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্রীৰ চিত্ৰকলাৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগ বৰপেটাৰ উদ্যোগত আৰু হাব ষ্টুডিঅ বৰপেটা, ইমেজ এনিমেছন গুৱাহাটী, মাধৱ চৌধুৰী মহাবিদ্যালয় বৰপেটা তথা প্ৰিন্ট মিডিয়া “আমি অসমৰ জনগনৰ” সহযোগত সদৌ অসম ভিত্তিত ছাত্ৰ ছাত্রীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ বিষয়বস্তু হিচাপে স্বচ্ছ ভাৰতক বাচনি কৰা হৈছে। ইয়াৰ বাবে তিনিটা শাখা ক্ৰমে ক শাখা- প্ৰথম মানৰ পৰা চতুৰ্থ শ্ৰেণী, খ শাখা- পঞ্চমৰ পৰা সপ্তম মান শ্ৰেণী আৰু গ শাখা- অষ্টমৰ পৰা ওপৰলৈ নিৰ্ধাৰণ কৰা হৈছে। অংশগ্ৰহণকাৰী সমূহ ছাত্ৰ ছাত্ৰীকে মানপত্ৰৰে পুৰস্কৃত কৰা হব। প্ৰতিযোগীতাৰ সময় আবেলি ৩ বজাৰ পৰা ৫ বজালৈ। স্থান মাধৱ চৌধুৰী মহাবিদ্যালয় বৰপেটা। যোগাযোগ নং- ৯৭০৬৬৪১৯৪০। সমূহ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি উদ্যোগতা সকলে আন্তৰিকতাৰে কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close