অসমশীৰ্ষ

হাঁ‌হচৰাত চোৰাং লোহাভৰ্তি গাড়ী জব্দ

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ হাঁ‌হচৰা কুজিবালিত আজি পুৱাই আৰক্ষীয়ে জব্দ কৰে  অনুজ্ঞাপত্ৰবিহীন এখন চোৰাং লোহাভৰ্তি গাড়ী। জানিব পৰা মতে শিৱসাগৰ জিলাৰ লাকুৱাৰ পৰা AS 04AC 2006 নম্বৰৰ অনুজ্ঞাপত্ৰ বিহীন লোহাভৰ্তি চোৰাং গাড়ীখনে শিৱসাগৰ নগৰ অভিমূখে আহি থকা অৱস্থাত হাঁ‌হচৰা নিৱাসী দিগন্ত চেতিয়াই প্ৰত্যক্ষ কৰাত গাড়ীখনৰ প্ৰতি লোকজনৰ সন্তেহ ওপজে আৰু গাড়ীখন ৰখাবলৈ যত্ন কৰোতে গাড়ীখন ৰাখি গাড়ীখনৰ চালকজন পলায়ণ কৰে। পিছত শিৱসাগৰ জিলাৰ চেৰেকাৰপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু লোহা ভৰ্তি চোৰাং গাড়ীখন জব্দ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close