অসমশীৰ্ষ

হিমা দাসলৈ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰৰ উপহাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে হিমা দাসলৈ আগবঢ়াইছে এক বিশেষ উপহাৰ। খেলপথাৰৰ উন্নীত কৰণৰ বাবত ধিঙৰ আউনীআটি শাখা সত্ৰৰ পৰা বাৰ বিঘা মাটি হিমা দাসলৈ আগবঢ়ালে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। মঙ্গলবাৰে হিমা দাসৰ পৰিয়াল আৰু স্থানীয় লোকে মাজুলীলৈ গৈ সত্ৰাধিকাৰক সাক্ষাৎ কৰি এই মাটি সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ পিছতে হিমা দাসক ফোনযোগে শুভেচ্ছা জনাই এই কথা অৱগত কৰে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে।

Related Articles

Leave a Reply

Close