অসমশীৰ্ষ

ৰঙিয়াত ৰেলৰ খুন্দাত এজন লোকৰ মৃত্যু

প্ৰথম খবৰ, ৰঙিয়া: মঙ্গলবাৰে ৰঙিয়াৰ বৰলীয়া নৈৰ দলংৰ সমীপত ৰেলৰ খুন্দাত থিতাতে মৃত্যু হয় এজন লোকৰ। জানিব পৰা মতে মঙ্গলবাৰে আবেলি নতুন দিল্লী অভিমুখী নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ খুন্দাত মৃত্যুক আকোৱালী লয় প্ৰায় ৫০ বছৰীয়া এজন লোকে। কলা লংপেন্ট আৰু হালধীয়া ৰঙৰ চাৰ্ট পৰিহিত লোকজনক মঙ্গলবাৰে চিনাক্তকৰণ কৰিব পৰা হোৱা নাছিল যদিও প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে লোকজনে বৰলীয়া নৈৰ ৰেল দলংখন অতিক্ৰম কৰিবলৈ লওঁতেই নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলে লোকজনক খুন্দা মৰাত লোকজন ৰেল লাইনৰ দাতিত ছিটিকি পৰে আৰু লোকজনৰ থিতাতে মৃত্যু হয়। পিছত দুৰ্ঘটনাৰ খবৰ পাই ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে লোকজনৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close