অসমশীৰ্ষ

ৰঙিয়াত ট্ৰাকৰ খুন্দাত নিহত ১

প্ৰথম খবৰ, ৰঙিয়া: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহাৰ ধামখুমীয়াৰ মাজতেই বুধবাৰে ৰঙিয়া বালাগাঁওৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত বালাগাঁৱৰ হাজী আগবৰ চৌধাৰী(৫২) নামৰ এজন লোকৰ মৃত্যু ঘটে৷ উল্লেখ্য যে নলবাৰী অভিমুখে যোৱা এ এছ ০১ ডি চি ২৫৭১ নম্বৰৰ তীব্ৰ বেগী ট্ৰাক এখনে উক্ত লোকজনক খুন্দিওয়াৰ ফলত থিতাতে নিহত হয় লোকজন৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্যানুসৰি চৌধাৰীয়ে ঈদৰ নামাজৰ পিছত ওচৰ চুবুৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি ঘৰলৈ ওভতাৰ সময়ত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই তীব্ৰ বেগী ট্ৰাকখনে লোকজনক খুন্দা মৰাত তেওঁ বহু দূৰলৈ ছিটিকি পৰে আৰু লগে লগে তেওঁক স্থানীয় ৰাইজে ৰঙিয়া অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে লোক জনক মৃত বুলি ঘোষণা কৰে। এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাকখন লৈ চালকজনে পলায়ন কৰিবলৈ চেষ্ঠা কৰে যদিও স্থানীয় একাংশ যুৱকে গাড়ীখনৰ পিছে পিছে খেদিগৈ নলবাৰী গনেশ মন্দিৰৰ ওচৰত ট্ৰাকখনক আবদ্ধ কৰিবলৈ সক্ষম হয়৷ জানিব পৰি মতে চাৰি পুত্ৰ আৰু দুই কন্যাৰ পিতৃ প্ৰয়াত চৌধাৰী বাগছা জিলাৰ কুমাৰীকাটাৰ বাসিন্দা যদিও শেহতীয়া ভাৱে তেখেতে ৰঙিয়া বালাগাঁওত নিগাজীকৈ বসবাস কৰি আছিল। তেওঁৰ অকাল মৃত্যুত পৰিয়ালত শোকৰ ছা পৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close