অসমশীৰ্ষ

ৰাজ্য চৰকাৰৰ ‘বীৰ চিলাৰায় বঁটা’ ঘোষণা

নিউজ ডেস্ক, প্ৰথম খবৰ: কামৰূপৰ শিঙিমাৰীস্থিত প্ৰিয়ংকা নায়কলৈ এইবাৰ সাহসিকতাৰ ‘বীৰ চিলাৰায় বঁটা’ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে বিগত সময়ছোৱাত এন চি চিৰ জৰিয়তে ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা বাবে ৰাজ্য চৰকাৰে এই বঁটাৰ বাবে বাছনি কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা নায়কক। আগন্তুক ১৫ আগষ্ট তাৰিখে খানাপাৰাত অনুষ্ঠিত হ’ব লগা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰিয়ংকা নায়কক প্ৰদান কৰিব এই বঁটা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close