অসমশীৰ্ষ

ৰূপহীত এজনক বচাবলৈ গৈ প্ৰাণ গ’ল আন এজনৰ

ৰূপহীহাটৰ পৰা এম আবু হানিফা, প্ৰথম খবৰ: নগাঁও জিলাৰ ৰূপহীহাটত মানৱতাৰ নিদৰ্শন দাঙি ধৰি প্ৰাণ দিলে এজন যুৱকে৷ জাতি ধৰ্মক কেন্দ্ৰ কৰি প্ৰায়ে দেশৰ ভিন্ন প্ৰান্তত সাম্প্ৰদায়িক ৰাজনীতি চলি থকাৰ সময়তে আজি ৰূপহীহাটত অন্য ধৰ্মৰ যুৱকক বচাবলৈ গৈ নিজৰ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰিলে এজন সাধাৰন যুৱকে৷ জানিব পৰা মতে ৰূপহীৰ হাতীপাৰাৰ এটি ইটাভাটাত কাম কৰা অনাৰুল ইছলাম আৰু জীতেন বৰা নামৰ শ্ৰমিক দুজনে ওচৰৰ খালত পৰি মৃত্যুক সাৱটি লয়৷ ঘটনাৰ বিবৰণ অনুসৰি জীতেন নামৰ যুৱকজন পানীত পৰি হাবুডুবু কৰি থকা দেখি আনাৰুলে তেওঁক বচাবলৈ পানীত জাপ দিয়াত দুৰ্ভাগ্যবশত দুয়োৱে দ পানীত ডুব যায়৷ পিছত স্থানীয় লোকে লগে লগে যুৱক দুজনক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই তিনি ঘন্টাৰ পিছত দুয়োৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দৰ্ভত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হয় যদিও বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দলটো৷ পিছত মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ উল্লেখ্য যে এজন হিন্দু যুৱকৰ প্ৰাণ বচাবলৈ গৈ নিজেই মৃত্যুৰ কোলাত ঢলি পৰিব লগা হোৱা ঘটনাটোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ অঞ্চলটোত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close