শীৰ্ষৰাষ্ট্ৰীয়

অস্কাৰলৈ মনোনীত ‘ভিলেজ ৰকষ্টাৰ্ছ’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: অস্কাৰ বঁটাৰ বাবে বাছনি লাভ কৰিবলৈ সক্ষম হৈছে ৰীমা দাস পৰিচালিত ছবি ‘ভিলেজ ৰকষ্টাৰ্ছে’৷ বিদেশী ভাষা শিতানত ভাৰতে আনুষ্ঠানিকভাৱে অস্কাৰ বঁটাৰ বাবে মনোনীত কৰিছে এই ছবিখনক৷ অস্কাৰ বঁটাৰ বাবে বাছনি লাভ কৰিবলৈ সক্ষম হোৱা হিমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছেই হৈছে প্ৰথমখন অসমীয়া ছবি৷ উল্লেখ্য যে বিদেশী ভাষা শিতানত ভাৰতে আনুষ্ঠানিকভাৱে এই ছবিখনক অস্কাৰ বঁটাৰ বাবে মনোনীত কৰিছে যদিও চূড়ান্ত শিতানত এই ছবিখনে স্থান পাব নে নাপাব সেয়া অস্কাৰ একাডেমীয়ে বিদেশী ভাষাৰ চূড়ান্ত শিতানত নিৰ্ধাৰণ কৰা চলচ্চিত্ৰৰ নামসমূহ ঘোষণাৰ পিছতহে গম পোৱা যাব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close