অসমশীৰ্ষ

আজিৰে পৰা এন আৰ চিৰ ওজৰ-আপত্তিৰ কাম-কাজ আৰম্ভ

ওজৰ-আপত্তি দাখিলৰ বাবে ৬০ দিনৰ সময়সীমা নিৰ্ধাৰণ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যত আজিৰে পৰা গ্ৰহণ কৰা হ’ব এন আৰ চিৰ ওজৰ-আপত্তিসমূহ। এন আৰ চিৰ ওপৰত সকলো ধৰণৰ ওজৰ-আপত্তি দাখিলৰ বাবে ৬০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে এন আৰ চি কৰ্তৃপক্ষই৷ এন আৰ চিৰ চুড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লোকৰ বিৰুদ্ধেও দাখিল কৰিব পাৰিব ওজৰ-আপত্তি। উল্লেখ্য যে এন আৰ চিৰ নথি ৰূপে ১৫খন নথিৰ পৰিৱৰ্তে এতিয়া ১০খন নথিহে হ’ব গ্ৰহণযোগ্য। এন আৰ চিত পুনৰ নামভৰ্তিৰ আৱেদনৰ পৰা কৰ্তন হ’ব ৫খনকৈ নথি। এই সমূহৰ ভিতৰত ৰেচন কাৰ্ড, ১৯৫১ চনৰ এন আৰ চিৰ নথি, ১৯৭১ৰ ২৪ মাৰ্চলৈ ভোটাৰ তালিকা, ১৯৭১চনৰ ২৪মাৰ্চলৈ প্ৰদান কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ আৰু শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰা হৈছে৷ ওজৰ-আপত্তিৰ আৱেদনৰ ৩০ দিনৰ পিছত এই সন্দৰ্ভত পুনৰ বিবেচনা কৰিব ন্যায়ালয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close