অসমশীৰ্ষ

আধাৰ কাৰ্ডক বৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: আধাৰ কাৰ্ডক সাংবিধানিকভাৱে বৈধ আখ্যা দিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মতে আধাৰে মৌলিক অধিকাৰ উলংঘন নকৰে। চৰকাৰক ডাটা সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দি ব্যক্তিগত স্বকীয়তা প্ৰদানতহে আধাৰ কাৰ্ড গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ন্যায়ালয়ে। ইফালে বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ বাধ্যতামূলক নহোৱাৰ কথা উল্লেখ কৰি চি বি এছ ই, ইউ জি চি, নিট আদিৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ, বাণিজ্যিক প্ৰতিষ্ঠান আৰু কোনো ম’বাইল কোম্পানীয়ে আধাৰ কাৰ্ড বিচাৰিব নোৱাৰিব বুলি উল্লেখ কৰে ন্যায়ালয়ে৷ পানকাৰ্ড লিংকিং আৰু আয়কৰ দাখিলৰ বাবেহে বাধ্যতামূলক হ’ব আধাৰ কাৰ্ড৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close