অসমশীৰ্ষ

আমিনগাঁওস্থিত নেচনেল ইউনিভাৰ্সিটি এণ্ড জুডিচিয়েল একাডেমিত CONCLAVE ON ACADEMIC INTIGRITY AND PLAGIARISM 2018 শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত

চাংসাৰিৰ পৰা পঙ্কজ নাথ, প্ৰথম খবৰ: বুধবাৰে আমিনগাঁওস্থিত নেচনেল ইউনিভাৰ্সিটি এণ্ড জুডিচিয়েল একাডেমিত অনুষ্ঠিত হৈ যায় CONCLAVE ON ACADEMIC INTIGRITY AND PLAGIARISM 2018 নামৰ শীৰ্ষক এখনি আলোচণাচক্ৰ৷ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ মুখ্য সচিব মুনিন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় আলোচণাচক্ৰ খনিত উত্তৰ পূৱ ভাৰতৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ মূৰব্বী তথা শতাধিক গৱেষক অধ্যাপকে ভাগ লয়৷ উক্ত অনুষ্ঠানত গৱেষণা আৰু সততা, গৱেষকৰ শৈক্ষিক উত্তৰণ আৰু গৱেষণাৰ ক্ষেত্ৰত দেখা দিয়া আসোৱাহৰ ওপৰত বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত হয়৷ নেচনেল ল’ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ জে এছ পাতিলৰ সঞ্চালনাত অনুষ্ঠিত এই উচ্চ চিন্তাধাৰাৰ আলোচণাচক্ৰখনে নৱাগত গৱেষকক মানৱ কল্যাণত উৎসাহিত কৰিব বুলি আশা কৰা হয়৷ উক্ত আলোচনাচক্ৰত আইন মহাবিদ্যালয়ৰ অধ্যাপক ড° তাপী বাছাৰ, আইন মহাবিদ্যালয়ৰ উপাচাৰ্য্য জে এছ পাটিল, তেজপুৰ বিশ্ববিদ্যালয়ৰ ডীন ধ্ৰুৱ ভট্টাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক সঞ্জয় কুমাৰ সিং, ভাৰত চৰকাৰৰ উচ্চ শিক্ষাৰ আয়ুক্ত মুনিন্দ্ৰ সিং, গুৱাহাটী আই আই টিৰ অৱসৰপ্ৰাপ্ত সঞ্চালক গৌতম বৰুৱা, ৰয়েল গ্ল’বেল, ট্ৰিপল আই আই টি আদি শিক্ষানুষ্ঠানৰ বিশিষ্ট শিক্ষাবিদসকলে অংশ লৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close