অসমশীৰ্ষ

এদিনীয়া কাৰ্যসূচীৰে মাজুলীত শক্তি আৰু ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী তপন কুমাৰ গগৈ

সভাত বিষয়ববীয়াক গুৰুত্বপূৰ্ণ নিৰ্দেশ

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড, প্ৰথম খবৰ: অসম চৰকাৰৰ শক্তি আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে উপস্থিত হয় মাজুলীত৷ মন্ত্ৰী গগৈয়ে দুপৰীয়া গড়মূৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শক্তি আৰু গড়কাপ্তানী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ শক্তি বিভাগৰ সন্মানীয় অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা আৰু এপি ডিচি এলৰ পৰিচালন সঞ্চালক পুৰু গুপ্তাৰ লগতে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰীৰ উপস্থিতিত দেওবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনত এপি ডিচি এলৰ কাম-কাজৰ লগতে পথ-যোগাযোগ ব্যৱস্থাৰ ওপৰত পৰ্যালোচনা কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ ডিচেম্বৰ ২০১৮ ৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালৰে ঘৰত বিদ্যুৎ সংযোগ প্ৰদানৰ বাবে ধাৰ্য কৰা সময়সীমাৰ ভিতৰতে মাজুলী জিলাৰো প্ৰতিটো পৰিয়ালেই যাতে বিদ্যুৎ সংযোগ লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ এপি ডিচি এলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। মাজুলীত নিৰন্তৰ বিদ্যুৎ যোগান সুনিশ্চিত কৰিব পৰাকৈ এটা পাইলট প্ৰকল্প গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে শক্তি বিভাগৰ শীৰ্ষ বিষয়াক বৈঠকতে নিৰ্দেশ দিয়ে৷ একেদৰে, গড়মূৰ-জেংৰাইমুখ পথ, নতুনবজাৰৰ পৰা অফলামুখ সংযোগী পথৰ লগতে অফলামুখঘাট সংযোগী পথছোৱা আৰু আলিমূৰৰ পৰা কমলাবাৰীঘাট পৰ্যন্ত পথটোও অগ্ৰাধিকাৰ ভিত্তিত অতি সোনকালে নিৰ্মাণ কৰিবলৈ এই বৈঠকত গড়কাপ্তানী বিভাগৰ মন্ত্ৰীগৰাকীয়ে বিভাগৰ উচ্চ পদস্ত বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close