অসমশীৰ্ষ

ওৰাং অাৰক্ষীথানাত বিনামূলীয়া চিকিৎসা শিৱিৰৰ সফল সামৰণি

ওৰাঙৰ পৰা গোপাল নাথ, প্ৰথম খবৰ: শুক্ৰবাৰে ওদালগুৰি জিলাৰ ওৰাং অাৰক্ষী থানাত ওৰাং অাৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠন। ওৰাং অাৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকাৰ তত্বাৱধানাত আয়োজিত এই শিৱিৰত এন এইচ নাৰায়ণাৰ পৰা অহা পাচঁগৰাকী চিকিৎসকৰ দ্বাৰা ওৰাং আৰু মাজবাটৰ অাৰক্ষীজোৱান সকলৰ লগতে ওৰাঙৰ ইচ্ছুক প্ৰায় শতাধিক ৰাইজক চিকিৎসা প্ৰদান কৰা হয়। ওৰাঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকাৰ এই প্ৰশংসনীয় পদক্ষেপক ওৰাংবাসী ৰাইজে শলাগ লয়।

Related Articles

Leave a Reply

Close