অসমশীৰ্ষ

কলগাছিয়াত খোৱাপানীৰ নামত বৰবিহ বিক্ৰী, ছাবিনা একুৱা কোম্পানী নিষিদ্ধ কৰাৰ দাবী ৰাইজৰ

কলগাছিয়াৰ পৰা আব্দুল হাই, প্ৰথম খবৰ: বৰপেটা জিলা প্ৰশাসন আৰু অসামৰিক খাদ্য সুৰক্ষা বিভাগৰ ছত্ৰছায়াত কাঠফুলাৰ দৰে গঢ়ি উঠা বিশুদ্ধ খোৱাপানীৰ একাংশ উদ্যোগে চীল পেক কৰি বিক্ৰী কৰা খোৱাপানীৰ টেংকিত ওলাইছে লেতেৰা-ময়লা। উল্লেখ্য যে আজি কলগাছিয়াৰ ছাবিনা একুৱা নামৰ কোম্পানীটোৱে কোকিলা মধ্যপাৰাত বিক্ৰী কৰা এটা চীল পেক পানীৰ ড্ৰামত লেতেৰা-ময়লা ওলোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় উক্ত অঞ্চলত। বিশুদ্ধ খোৱাপানীৰ নামত ৰাইজক বৰবিহ খুওৱা এই ছাবিনা একুৱা কোম্পানীটোৰ ওপৰত ক্ষুব্ধ হৈ এতিয়া উক্ত কোম্পানীটোক অতি শীঘ্ৰে নিষিদ্ধ ঘোষণা কৰিবলৈ দাবী জনাইছে ইয়াৰ ৰাইজে। আনহাতে কোম্পানীটোৰ বিৰুদ্ধে একাধিকবাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগৰ প্ৰতি সন্দেহৰ আঙুলি টোৱাইছে ৰাইজে। ইফালে ইয়াক লৈ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close