অসমশীৰ্ষ

কাকপথাৰৰ ডিৰাকত চাৰি সন্দেহজনক নাগৰিক আটক

নিউজ ডেস্ক, প্ৰথম খবৰ: অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটত দেওবাৰে চাৰিজনকৈ সন্দেহযুক্ত নাগৰিক আটক হয়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাকপথাৰ আঞ্চলিক সমিতিৰ কৰ্মকতাই দেওবাৰে উক্ত গেটত কেইজনমান যুৱকক সন্দেহজনকভাৱে ঘুৰি ফুৰা দেখা পাই যুৱক কেইজনক সোধপোছ কৰি তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা কৰাত ওলাই পৰে লোককেইজনৰ আচল পৰিচয়৷ কৰিমগঞ্জ জিলাৰ পৰা কামৰ বাবে অৰুণাচল প্ৰদেশলৈ অহা বুলি দাবী কৰা মূঠ ছয় গৰাকী পুৰুষ-মহিলাৰ ভিতৰত দুগৰাকী ব্যক্তিয়ে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ সক্ষম হয় যদিও চাৰিগৰাকী লোক আটক হয়৷ কাকপথাৰৰ ডিৰাকত দেওবাৰে চাৰিগৰাকীকৈ সন্দেহজনক নাগৰিক আটক হোৱাৰ পিছত এই অঞ্চল বিলাকত যে অবৈধ নাগৰিকৰ প্ৰৱেশ ঘটিছে তাক নুই কৰিব নোৱাৰি৷ লক্ষ্যণীয় যে অৰুণাচল প্ৰদেশত প্ৰৱেশৰ বাবে সাধাৰণ লোকৰ প্ৰৱেশ মূল্য পঞ্চাছ টকা হয় যদিও এনে ধৰণৰ অবৈধ নাগৰিকে মাত্ৰ দহ টকাৰ বিনিময়তে উক্ত অঞ্চলত প্ৰৱেশ কৰে বুলি জানিব পৰা যায়৷ যুৱ ছাত্ৰ পৰিষদৰ তৎপৰতাত আটক হোৱা এই সন্দেহজনক ব্যক্তিকেইগৰাকীক পিছত বৰডুমচা আৰক্ষী থানাত আৰক্ষীয়ে সোধাপোছাৰ বাবে লৈ যায়৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও উক্ত সীমান্ত তালাচী চকীখনত অবৈধ নাগৰিকক আটক কৰি আৰক্ষী থানাত চমজাই দিয়া হৈছিল৷ ইয়াৰ ওপৰত ভিত্তি কৰি যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাই এনেদৰে আটক হোৱা অবৈধ নাগৰিক সকলক পৰৱৰ্তী সময়ত ক’ত লৈ যোৱা হয় সেয়া এক বিচাৰ্যৰ বিষয় বুলি উল্লেখ কৰে৷

Related Articles

Leave a Reply

Close