অসমশীৰ্ষ

কাজিৰঙাত আটছাৰ দ্বাৰা প্ৰধানমন্ত্ৰী, মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: আজি মূল্যবৃদ্ধিৰ প্ৰতিবাদত কাজিৰঙাৰ কহঁৰাত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে আটছাই৷ মূল্যবৃদ্ধিকলৈ কাজিৰঙাৰ কহঁৰাত আটছাৰ কাজিৰঙা আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে সাব্যস্ত কৰে প্ৰতিবাদ৷ আটছাৰ অভিযোগ নিৰ্বাচনৰ আগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপি চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম নহৈ দিনক দিনে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণক জ্বলাকলা খুৱাই আহিছে৷ আটছাৰ কাজিৰঙা আঞ্চলিক সমিতিয়ে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে অতি শিঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় চৰকাৰক৷

Related Articles

Leave a Reply

Close