অসমশীৰ্ষ

কাজিৰঙাৰ লক্ষীপুৰত নৃশংশ হত্যাকাণ্ড

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: কাজিৰঙাৰ লক্ষীপুৰত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড৷ নিজ গৃহতেই হত্যা কৰা হয় নবীন বৰুৱা নামৰ এজন লোকক৷ ইফালে এই ঘটনাৰ পিছতে হত্যাকাণ্ডৰ লগত জড়ীত থকাৰ অভিযোগত আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে নিহত লোক জনৰ পত্নীক৷ উল্লেখ্য যে আৰক্ষী আৰু পৰিয়ালৰ লোকে সন্দেহ কৰা মতে নবীন বৰুৱাৰ হত্যা এক পৰিকল্পিত হত্যা কাণ্ড৷ আৰক্ষীসূত্ৰে জানিব পৰা মতে মৃত নবীন বৰুৱাৰ পত্নী পূৰ্বতে আন এজন ব্যক্তিৰ লগত পলাই গৈছিল আৰু কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে পুনৰ স্বামীগৃহলৈ ঘূৰি আহিছিল৷ সোমবাৰে নিশা উক্ত ঘটনাৰ সময়ত বৰুৱাৰ ঘৰত চিঞৰ-বাখৰ শুনি চুবুৰীয়া লোকে কিছু দূৰত থকা পৰিয়ালৰ আন লোকক খবৰ দিয়াত নিশা আৰক্ষী আৰু পৰিয়ালৰ লোক উপস্থিত হৈ ঘৰৰ ভিতৰত মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু ঘৰৰ বাহিৰত তেজৰ চেকুৰা, টৰ্চ, বাল্টি আদি দেখিবলৈ পায়৷ সন্দেহ কৰা মতে আন কোনো লোকৰ সহযোগত অভিযুক্ত মহিলা গৰাকীয়ে নিজ স্বামীক পৰিকল্পিত ভাৱে হত্যা কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close