অসমশীৰ্ষ

কাৰ্বি পাহাৰত পুনৰ তচনচ হব লাগিব কংগ্ৰেছ- অৰুণ টেৰাং

খেৰণিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: যিমানেই লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই দুই পাৰ্বত্য জিলা ডিমা হাছাও আৰু কাৰ্বি আংলঙত তৎপৰতা বৃদ্ধি পাইছে বিজেপি নেতাকৰ্মীৰ লগতে দলটোৰ অংগস্বৰূপ সাংগঠনিক কৰ্মকৰ্তাসকলৰ। কাৰ্বি আংলং আৰু ডিমা হাছাও বিজেপিয়ে ধাৰাবাহিক গতিৰে জিলা দুখনৰ বিভিন্ন স্থানত ইখনৰ পিছত সিখন সভা আয়োজন কৰি সমাগত লোকসভা নিৰ্বাচনত বিৰোধীক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে দলটো শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ সমান্তৰালকৈ দলটোয়ে বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী সম্পন্ন কৰাৰ বিপৰীতে লোকসভা নিৰ্বাচনত বিৰোধীক প্ৰত্যাহ্বান জনাব পৰাকৈ হাতত লৈছে বিভিন্ন পন্থা আৰু নির্বাচনী ৰণ কৌশল। দেওবাৰেও তেনে এক লক্ষ্যৰে গুৰুত্বপূৰ্ণভাৱে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অনুষ্ঠিত হয় বিজেপিৰ এখন জিলা কাৰ্যনিৰ্বাহক সভা। খেৰণিস্থিত কৃষি ফাৰ্মৰ অতিথিশালাত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাত পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাং উপস্থিত থকাৰ বিপৰীতে উপ-সভাপতি ক্ৰমে দিত্যলাল হাষ্ণু, ৰেনছিং ৰংহাং, ৰহিলা ক্ৰপি, সাধাৰণ সম্পাদক ৰদীপ ৰংহাং, সম্পাদক জন মিলিক, ৰিচাৰ্ডচন হাঞ্চে, বিষ্ণুৰাম টেৰাং, জয়ছিং খলাৰ, সম্পাদিকা ৰিণা তেৰাংপি, বিউটি টকবিপিৰ লগতে বিত্তীয় সম্পাদক বিদ্যা তিচ্ছ, কাৰ্যালয় সম্পাদক হাৰমন বে’ আৰু দায়িত্বত থকা জিলা প্ৰভাৰী মুকুতা ডেকা উপস্থিত থাকে। উক্ত আয়োজিত সভাত পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাঙে সভাত উপস্থিত থকা বিজেপি নেতাকৰ্মীৰ লগতে দলটোৰ অংগস্বৰূপ সাংগঠনিক কৰ্মকৰ্তাসকলক উদ্দেশ্যি কয় যে আমি উচ্চ পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়লৈকে সকলো বিজেপি নেতা-কৰ্মীয়ে ঐক্যতা আৰু মননশীল চিন্তাধাৰাৰে দলৰ কাম কৰি যাব লাগিব৷ ইফালে কৰ্মকৰ্তাৰ ত্যাগ, কষ্ট আৰু অৱদানেই দলৰ শক্তিক নিৰ্ণয় কৰিব বুলি উল্লেখ কৰি কাৰ্বি আংলঙত বিজেপি দলক এক সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বশক্তিশালী দল হিচাপে গঢ় দি সমাগত লোকসভা নিৰ্বাচনত কাৰ্বি পাহাৰত কংগ্ৰেছক পুনৰ তচনচ কৰিব লাগিব বুলিও উল্লেখ কৰে জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাঙে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close