অসমশীৰ্ষ

গুৰু শংকৰদেৱৰ বিৰুদ্ধে কৰা বিৰুপ মন্তব্যত খৰ্গহস্ত বটদ্ৰৱা থান পৰিচালনা সমিতি

ৰামদেৱৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক তীব্ৰ গৰিহণা

প্ৰথম খবৰ,জাজৰি: শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়, নাম ঘোষাত কোনো ভাল কথা নাই আৰু নামঘৰত মিঠাতেলৰ চাকি-বন্তি মূৰ্খইহে জ্বলায় ইত্যাদি উদ্ভট মন্তব্যৰে বিৰ্তকৰ শিৰোনাম দখল কৰা পতঞ্জলিৰ যোগ নিৰীক্ষক সতী নাথ বাৰালৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জগত গুৰু জনাৰ জন্ম আদি লীলা ভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ প্ৰমুখ্যে পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু সদস্য সকল। উল্লেখ্য যে যোৱা ২৪ ছেপ্তেম্বৰ তাৰিখে দৰঙৰ দুনীত অনুষ্ঠিত এক যোগ প্ৰশিক্ষণ অনুষ্ঠানত নিৰীক্ষক সতী নাথ বাৰালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে বিৰুপ মন্তব্য আগবঢ়োৱাৰ কথা ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যম যোগে বিয়পি পৰাৰ পিছতেই এতিয়া সমগ্ৰ অসম বাসীৰ লগতে বটদ্ৰৱাতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বাবা ৰামদেৱৰ নিৰ্দেশত অসমলৈ অহা যোগ নিৰীক্ষক গৰাকীয়ে দুনীত অনুষ্ঠিত যোগ প্ৰশিক্ষণ শিবিৰত গুৰুজনাৰ বিৰুদ্ধে কৰা এনে বিৰুপ মন্তব্যক গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা বাসীয়ে একে মুখে গৰিহণা দিছে।

দেওবাৰে বিয়লি বটদ্ৰৱা থানত অনুষ্ঠিত এক সংবাদমেলত জগত গুৰুজনাৰ বিৰুদ্ধে আগবঢ়োৱা এনে মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে জাতীয় জীৱনৰ মহানায়ক গৰাকীৰ বিৰুদ্ধে ভবিষ্যতে যাতে কোনেও কোনো ধৰণৰ বিৰুপ মন্তব্য নকৰে তাৰ বাবে সকিয়নী প্ৰদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close