অসমশীৰ্ষ

তিনিচুকীয়াৰ দিহিং নদীত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত টেকেৰীৰ দিহিং নদীত উদ্ধাৰ হয় এজন সন্দেহজনক ব্যক্তিৰ মৃতদেহ৷ সেনাৰ পোছাক পৰিহিত মৃতদেহটো গুলীবিদ্ধ অৱস্থাত মাছ মৰীয়াই প্ৰথমতে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ উল্লেখ্য যে জাগুনত ২৪ ছেপ্তেম্বৰৰ নিশা আলফা স্বাধীন আৰু সেনাৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলিত এই ব্যক্তিজন নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে ব্যক্তিজনক আলফা কেডাৰৰ সদস্য বুলি ধাৰণা কৰা হৈছে৷ মৃত কেডাৰজনৰ ডিঙিত এটা গ্ৰেনেড আৰু মেগজিন থকা দেখিবলৈ পোৱা যায়৷ নিহত আলফা কেডাৰজনক বৰ্তমানলৈকে চিনাক্তকৰণ কৰিব পৰা হোৱা নাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close