
নিউজ ডেস্ক, প্ৰথম খবৰ: দক্ষিণ কামৰূপৰ নগৰবেৰাত আজি সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ এটা সাধাৰণ কথাক লৈ হোৱা কাজিয়াৰ ফলতে শ্বেৰ আলী নামৰ লোকজনক দাৰে ঘপিয়াই হত্যা কৰে ৰেজ্জাক আলী নামৰ লোকজনৰ পৰিয়ালৰ সদস্যই৷ ইফালে এই ঘটনাৰ পিছত ৰেজ্জাক আলী আৰু তেওঁৰ পুত্ৰ মিজানুৰ ৰহমান, আব্বাছ আলী আৰু নুৰ আলমৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱাত অভিযুক্ত ৰেজ্জাক আলীক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিবলৈ সক্ষম হয় যদিও এই ঘটনাৰ পিছতে পলায়ন ৰেজ্জাকৰ তিনি পুত্ৰই। পিছত এই ঘটনাক লৈ একাংশ লোক উত্তেজিত হৈ পৰে আৰু জ্বলাই দিলে ৰেজ্জাক আলীৰ বাসগৃহ।