অসমশীৰ্ষ

দুধনৈত নিখিল ৰাভা ছাত্ৰ সন্থাৰ নবনিৰ্মিত স্থায়ী ভৱন উদ্ধোধন

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: দেওবাৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কেন্দ্ৰ দুধনৈৰ দামৰা ৰোডত নিখিল ৰাভা ছাত্ৰ সন্থাৰ স্থায়ী তথা মুখ্য কাৰ্যালয়ৰ নবনিৰ্মিত এটি ভৱনৰ শুভ উদ্বোধন কৰা হয়। ৰাভা হাছং পৰিষদৰ ২০১৩-১৪ আৰু ২০১৬-১৭ বিত্তীয় বৰ্ষৰ আৰ্থিক অনুদানৰ ৮৩লাখ ৮২ হেজাৰ ৩০০ টকা ব্যয় সাপেক্ষে কাৰ্যবাহী অভিযন্তা গোৱালপাৰা জিলা গড়কাপ্তানী(গৃহ) বিভাগৰ তত্বাবধানত সুচাৰুৰূপে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই ভৱনটো সম্পূৰ্ণ মাংগলিক পদ্ধতিৰে দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। এই উদ্বোধনী অনুষ্ঠানত উদ্বোধনী ভাষণত নিখিল ৰাভা ছাত্ৰ সন্থাই এই ভৱনটোৰ পৰাই নতুন চিন্তা আৰু নতুন পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। আনহাতে এই ভৱনটি সাংস্কৃতিক প্ৰকল্প হিচাপেও জনাজাত হব বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। ইফালে দেওবাৰৰ এই অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই সংগঠনটোৰ বহু দিনীয়া অভাৱ পূৰণ হোৱাৰ কথা উল্লেখ কৰে। উক্ত অনুষ্ঠানত সংগঠনটোৰ সকলো বিষয়ববীয়া, স্থানীয় বিধায়ক দীপক কুমাৰ ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি কুশধ্বজ ৰংখ, ৰাভা জাতীয় সংগঠন কেইটাৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close