অসমশীৰ্ষ

দেওমৰনৈত অভিৰুচি ক্ৰীড়া দিৱস পালন

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: আজি দেওমৰনৈত অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি দেওমৰনৈ সাৰ্ব্বজনীন শাৰদীয় শ্ৰীশ্ৰী দুৰ্গোৎসৱৰ ৰূপালী জয়ন্তী মহোৎসৱ উপলক্ষে আয়োজন কৰা হয় এক মাৰাথন দৌৰ প্ৰতিযোগিতা। দেওমৰনৈ দুৰ্গা মন্দিৰ প্ৰাঙ্গনৰ পৰা ৰাতিপুৱা ৬ বজাত আৰম্ভ কৰা এই মাৰাথান দৌৰ প্ৰতিযোগিতাখনি উদ্বোধন কৰে এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী তথা মংগলদৈ পৌৰ সভাৰ পৌৰপতি প্ৰতাপ বৰদলৈদেৱে। উক্ত মাৰাথন দৌৰ প্ৰতিযোগিতাখনি দেওমৰনৈ দুৰ্গা মন্দিৰ প্ৰাঙ্গনৰ পৰা মংগলদৈ মাজিকুচি পথেৰে হাপামাৰা ননৈ ঘাটলৈ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উপস্থিত থাকে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ডাঃ ৰমেশ চন্দ গোস্বামী, সম্পাদক মুকুন্দ ডেকাৰ লগতে উদযাপন সমিতিৰ সকলো বিষয়ববীয়া। আজিৰ এই মাৰাথান দৌৰ প্ৰতিযোগিতাত শতাধিক যুৱকে অংশগ্ৰহণ কৰে আৰু এই মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰাজীৱ ডেকাই। এই প্ৰতিযোগীতাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে কৃষ্ণ ডেকা আৰু ৰাজু ডেকাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close