অসমশীৰ্ষ

ধুবুৰীত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ শুভ উদ্বোধন

প্ৰথম খবৰ, ধুবুৰী: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ চেপ্তেম্বৰ ২০১৮ইং তাৰিখ শনিবাৰে নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক(India Post Payments Bank)ৰ শুভাৰাম্ভণি কৰাৰ পিছতে গোটেই দেশজুৰি আই পি পি বি(IPPB)ৰ ৬৫০ টা শাখা আৰু ৩২৫০ টা প্ৰৱেশ কেন্দ্ৰ মুকলি কৰা হয়। ইয়াৰ সমান্তৰালকৈ গোৱালপাৰা ডাক সংমণ্ডলৰ অধীনত ধুবুৰী জিলাত অৱস্থিত ধুবুৰী প্ৰধান ডাকঘৰক আই পি পি বি (IPPB)ৰ শাখা আৰু বিদ্যাপাৰা উপ ডাকঘৰ, ধৰ্মশালা আৰু তিস্তাৰপাৰ শাখা ডাকঘৰক শণিবাৰে আই পি পি বি(IPPB)ৰ প্ৰবেশ কেন্দ্ৰ ৰূপে উদ্বোধন কৰা হয়। ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত আই পি পি বি(IPPB) ধুবুৰী শাখাৰ বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে গোলকগঞ্জ সমষ্টিৰ বিধায়ক শ্ৰী অশ্বিনী ৰায় সৰকাৰদেৱে৷ ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী ছুৰমান আলি আৰু ধুবুৰী চহৰৰ প্ৰখ্যাত চিকিৎসক তথা জেষ্ঠ বিজেপি নেতা শ্ৰী দেৱময় সান্যালকে আদি কৰি জেষ্ঠ অধিবক্তা শ্ৰী গিয়াছুদ্দিন আৰু চি ভি হমেদ এই অনুষ্ঠানত উপস্থিত থাকে।

এই অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ আদৰণি ভাষণ প্ৰদান কৰে আই পি পি বি(IPPB)ৰ এৰিয়া অপাৰেচন মেনেজাৰ শ্ৰী সন্ভাষন মণ্ডলে। উক্ত অনুষ্ঠানত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক সম্পর্কে বিশদ ব্যাখ্যা আগবঢ়ায় গোৱালপাৰা ডাক সংমণ্ডলৰ উপ অধীক্ষক শ্ৰী গিৰিকান্ত ডেকাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিধায়ক শ্ৰী অশ্বিনী ৰায় সৰকাৰৰ লগতে ধুবুৰী উপ সংমণ্ডলৰ ডাক পৰিদৰ্শক শ্ৰী পঞ্চানন ৰায়েও এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close