অসমশীৰ্ষ

নগাঁৱৰ জুৰীয়াত অঘটন, বিদ্যুত্‍স্পৃষ্ট হৈ ৬ জনৰ মৃত্যু

নিউজ ডেস্ক, প্ৰথম খবৰ: নগাঁৱৰ জুৰীয়াত সংঘটিত হৈছে এক অঘটন৷ ১১ হাজাৰ ভ’ল্টৰ বিদ্যুত্‍ পৰিবাহী তাঁৰ ছিঙি পৰাৰ ফলত বিদ্যুত্‍স্পৃষ্ট হৈ ৬ জনৰ লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো৷ উল্লেখ্য যে লোককেইজনে পুখুৰীত মাছ মাৰি থকা অৱস্থাতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত্‍ পৰিবাহী তাঁৰ ছিঙি পৰাৰ ফলতে সংঘটিত হয় এই অঘটন৷ বিদ্যুত্‍স্পৃষ্টত আহত লোকসকলক বৰ্তমান হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। ইফালে শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close