অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত চোৰৰ তাণ্ডৱ

খেৰণিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বৰ্তমান বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ৷ খেৰণি থানাৰ অন্তৰ্গত তথা খেৰণি থানাৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত্বত শনিবাৰে নিশা সংঘটিত হয় এক চুৰি কাণ্ডৰ ঘটনা। সিং কমিনিকেচন নামৰ মোবাইল দোকানখনত চোৰে চলায় চাফাই অভিযান। এই চুৰিকাণ্ডত নিশা দৰ্জাত ওলমি থকা তলা ভাঙি দোকানখনৰ পৰা চোৰে লুটি নিয়ে প্ৰায় ডেৰ লক্ষাধিক টকাৰ মোবাইল হেণ্ডছেট৷ ৰাতিপুৱা প্ৰত্যক্ষদর্শীয়ে দুৱাৰৰ তলা ভাঙি থকা দেখা পাই আৰক্ষী আৰু দোকানৰ গৰাকীক এই ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতহে পোহৰলৈ আহে উক্ত চুৰি কাৰ্যৰ কথা৷ এই ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে উক্ত ঘটনা সন্দৰ্ভত আৰম্ভ কৰে অনুসন্ধান৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close