অসমশীৰ্ষ

পুনৰ মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু

মক্কাৰ পৰা আব্দুল হাই, প্ৰথম খবৰ: চৌদি আৰৱৰ মক্কাত পুনৰ সংঘটিত হৈছে আন এক অঘটন৷ কেইদিনমান পূৰ্বে এগৰাকী হজযাত্ৰীৰ মৃত্যুৰ পিছত এইবাৰ পুনৰ মক্কাত মৃত্যু হৈছে অসমৰ আন এগৰাকী হজযাত্ৰীৰ৷ মৃত হাজীগৰাকী হাইলাকান্দি জিলাৰ মজৰোল আলী(৫৮) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ১ ছেপ্তেম্বৰৰ নিশা ৮-৪৫ বজাত এই হাজী গৰাকীৰ মৃত্যু হৈছিল৷ হাজীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও পিছত মক্কাৰ আল নুৰ হাস্পাতালত হাজীগৰাকীৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। হাজী গৰাকীৰ মৃত্যুত এতিয়া সকলোৰে মাজত শোকৰ ছা পৰা দেখা গৈছে৷ মৰনোত্তৰ পৰীক্ষাৰ পিছত মক্কাৰ কাবা শ্বৰিফৰ ইমামে মজৰোল আলীৰ জানাজাৰ নামাজ সম্পন্ন কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close