অসমশীৰ্ষ

পৱিত্ৰ জন্মাষ্টমীৰ দিনাই তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতাৰ

প্ৰথম খবৰ, জাজৰি: প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ভাৰতৰ স্বনামধন্য প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী দূৰদৰ্শীতাৰ উৎকৃষ্ট ফচল- এই মন্তব্য বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ ডেকাৰ। দেওবাৰে জন্মাষ্টমীৰ পৱিত্ৰ দিনটোত বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত নগাওঁ বাৰপূজীয়া সংযোগী পথৰ পৰা পশ্চিম গোঁসাই বড়ি, খালৈগাও, দলংঘাটৰ পৰা বৰহোলোং আৰু ধিং পথৰ পৰা উত্তৰ ৰাইদঙীয়া ২নং সংযোগী পথ তিনিটাৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই। ২.৯১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই পথ তিনিটাৰ কামৰ শুভাৰাম্ভনি কৰি বিধায়িকা গৰাকীয়ে নিজৰ ভাষণত কয় যে কামৰ উৎকৃষ্টতা অনুসৰি নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ সকলে পুৰস্কাৰ লাভ কৰিব আৰু উন্নত মানৰ কাম সম্পন্ন নকৰা ঠিকাদাৰসকলে ৰাজহুৱা শাস্তিৰ সন্মুখীন হোবাৰ সম্ভাৱনা আছে। ইফালে বিধায়িকাগৰাকীয়ে পথৰ এই নিৰ্মাণ কাৰ্য চোৱাচিতাৰ বাবে বিষয়া সকলৰ উপৰি স্থানীয় ৰাইজক দায়িত্ব অৰ্পণ কৰাৰ কথা উল্লেখ কৰে। দেওবাৰৰ উক্ত পথ নিৰ্মানৰ আধাৰশিলা অনুষ্ঠানত গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা অজিত মেধি, কনিষ্ঠ অভিযন্তা অসীম নাথ, অ গ প নেতা লাচিত বৰদলৈ, বিজেপিৰ কৰ্মী ৰীতা ভূ্ঞা প্ৰমূখ্য বহু নেতা-কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close