অসমশীৰ্ষ

বিশ্ব উশ্বু চেম্পিয়নশ্বিপত অসমৰ হৈ চানমা ব্ৰহ্মৰ প্ৰতিদ্বন্দিতা

পঙ্কজ নাথৰ ৰিপৰ্ট, প্ৰথম খবৰ: বিশ্বৰ ক্ৰীড়াৰ মানচিত্ৰত শেহতীয়াকৈ জিলিকি উঠিছে অসম। ট্ৰেকৰ ৰাণী ধিং এক্সপ্ৰেছ হিমা দাসে বিশ্ব জুনিয়ৰ এথলেটিকছ আৰু এছিয়ান গেমছত স্বৰ্ণ জয়ৰে অভূতপূৰ্ব সফলতা অৰ্জন কৰি অসম তথা ভাৰতৰ নাম বিশ্ব ক্ৰীড়াত সোণালী আখৰেৰে খোদিত কৰাৰ পিছত এইবাৰ বিশ্ব উশ্বু চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দিতা আগবঢ়াইছে অসমৰ চানমা ব্ৰক্ষ্মই৷ উশ্বু এছচিয়েছন অফ আচামক প্ৰতিনিধিত্ব কৰিছে কোকৰাঝাৰৰ খেলুৱৈ চানমা ব্ৰক্ষ্মই৷ ২৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ বুলগেৰিয়াত অনুষ্ঠিত হৈ থকা ৩য় বিশ্ব টাইজিকোৱান উশ্বু চেম্পিয়নশ্বিপত অংশ লোৱাৰ বাবে বুলগেৰিয়াৰ বুৰগাছত উপস্থিত হৈছে চানমাই৷ উল্লেখনীয় যে ২০১৭-১৮ বৰ্ষৰ অল ইণ্ডিয়া ইন্টাৰ ইউনিভাৰ্চিটি উশ্বু টাইজি গ্ৰুপত স্বৰ্ণ জয়ৰে সুখ্যাতি অৰ্জন কৰিছিল চানমা ব্ৰক্ষ্মই। বুলগেৰিয়াৰ উক্ত চেম্পিয়নশ্বিপত খেলিবলৈ যোৱাৰ পূৰ্বে উশ্বু এছচিয়েছন অফ আচামৰ সম্পাদক ৰঞ্জিত বড়োৱে খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে চানমাইয়ে পদক অৰ্জন কৰি অসমৰ নাম জিলিকাব বুলি আশা প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে৷ উশ্বু এছচিয়েছন অফ আচামৰ প্ৰচাৰ সম্পাদক গনেশ শীলে বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে এই কথা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close