অসমশীৰ্ষ

বিশ্ব হিন্দু পৰিষদৰ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ উদ্যোগত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী উদযাপন

চাংসাৰিৰ পৰা পঙ্কজ নাথ, প্ৰথম খবৰ: বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ অন্তৰ্গত উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ উদ্যোগত দেওবাৰে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী তিথি উলহ-মালহেৰে উদযাপন কৰা হয়৷ উত্তৰ গুৱাহাটীৰ ৰংমহল আঠগাওঁ প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই জন্মাষ্টমী মহোৎসৱ পুৱা ৯ বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মহামণ্ডেলেশ্বৰ ১০০৮ স্বামী কেশৱ দাসজী মহাৰাজে। ইয়াৰ পিছত ৯-৩০ বজাত গুৰুকুল সংস্কাৰ কেন্দ্ৰৰ দ্বাৰা মংগলাচাৰণ পৰিৱেশন কৰাৰ লগতে ১০ বজাৰ পৰা মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই দিহানাম প্ৰতিযোগিতাত মুঠ ২৮ টা দলে অংশ গ্ৰহণ কৰে। দেওবাৰৰ এই জন্মাষ্টমী মহোৎসৱৰ মুখ্য আকৰ্ষণ আছিল ৩ বছৰৰ পৰা ৯ বছৰীয়া শিশুৰ মাজত হোৱা কৃষ্ণ ৰূপ সজোৱা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা অংশুমান দাসক ২,৫০১ টকাৰে পুৰষ্কৃত কৰাৰ লগতে ২য় স্থান প্ৰাপ্ত জ্যোতিষ্মান দাস আৰু অনুস্কা বৰুৱাকো পুৰষ্কাৰ প্ৰদান কৰা হয়৷ এই অনুষ্ঠান উপলক্ষে আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাবে বক্তব্য ৰাখে ডঃ কমলেশ্বৰ কলিতাই৷ এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° ঈশাংকুৰ শইকীয়া। দেওবাৰৰ এই ধৰ্মালোচনী সভাত উপস্থিত থকা প্ৰতিগৰাকী বিশিষ্ট বক্তাই শ্ৰী কৃষ্ণৰ ওপৰত প্ৰদান কৰা ধাৰ্মিক বক্তব্যই উপস্থিত ভক্তপ্ৰাণ ৰাইজক মুগ্ধ কৰি তোলে। দেওবাৰৰ শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ উপলক্ষে আয়োজিত এই অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰাত সহযোগীতা আগবঢ়োৱাৰ বাবে ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে আয়োজক সমিতিৰ সভাপতি কেশৱ চন্দ্ৰ বৰাৰ লগতে সম্পাদক জ্যোতিপ্ৰসাদ তামুলীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close