অসমশীৰ্ষ

বৈঠালাংছ’ৰ বালি কুছি গাঁৱত শোকাবহ ঘটনা

পত্নীক বচাবলৈ গৈ সন্ধানহীন স্বামী

বৈঠালাংছৰ পৰা ৰেকিবুৰ ৰহমান, প্ৰথম খবৰ: বৈঠালাংছ’ৰ নাম তৰাডুবিৰ বালি কুছি গাঁৱত আজি সংঘটিত হয় এক শোকাবহ ঘটনা৷ কপিলী নদীত গা ধুবলৈ গৈ পানীত ডুব যোৱা পত্নীক উদ্ধাৰ কৰিবলৈ গৈ নৈ’ত জপিয়াই পৰা স্বামীও হৈ পৰে সন্ধানহীন। উল্লেখ্য যে আজি পুৱা কনমানি সন্তানক লগত লৈ কপিলী নদীত গা ধুবলৈ গৈ হঠাৎ পানীত ডুব যায় লাবন্য বৰদলৈ নামৰ মহিলা গৰাকী৷ পিছত এই দৃশ্য প্ৰত্যক্ষ কৰি মহিলাগৰাকীৰ স্বামী অজয় বৰদলৈয়ে পত্নীক উদ্ধাৰ কৰিবলৈ নৈ’ত জপিয়াই দিয়ে আৰু দুৰ্ভাগ্যজনক ভাৱে তেঁৱো হৈ পৰে সন্ধানহীন৷ পিছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে এওঁলোকৰ উদ্ধাৰ অভিযান আৰম্ভ কৰি এই অভিযান বিফল হোৱাত এচ ডি আৰ এফ বাহিনীয়ে এওঁলোকৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close