অসমশীৰ্ষ

মক্কাৰ মিনাত অসমৰ হজযাত্ৰীৰ হাহাকাৰ, খাদ্যৰ অভাৱত অসুস্থ শ শ হজযাত্ৰী

হোটেলত নৰক যন্ত্ৰণা, হজ কমিটিৰ বিৰুদ্ধে ক্ষুব্ধ হজযাত্ৰী 

মক্কাৰ পৰা আব্দুল হাই, প্ৰথম খবৰ: চৌদি আৰৱৰ পবিত্ৰ মক্কাত অসমৰ হজযাত্ৰী সকলক মিনাত খাদ্য বিতৰণত অনিয়ম, হোটেলত থকা-মেলাৰ ক্ষেত্ৰত চৰম অৱহেলা আৰু একাংশ খাদিমুল হুজ্জাই খবৰ নোলোৱাকে আদি কৰি হজযাত্ৰীক লৈ হজকমিটিৰ লৰা ধেমালি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে মক্কা আৰু মদিনাৰ হোটেলত থকা-মেলাৰ ক্ষেত্ৰত অসমৰ হজযাত্ৰী সকল চৰম অসুবিধা ভোগ কৰিবলগীয়া হৈছে। জানিব পৰা মতে হোটেলত দুজনকৈ লোক থাকিব পৰা এটা সৰু ৰুমত ৬-৭ খনকৈ খাট বহুৱাই হাজী সকলক থকাৰ ব্যৱস্থা কৰিছে। আনহাতে কোনোবা অচিনাকি মহিলা হজযাত্ৰীৰ লগত আন কোনোবা পুৰুষ হজযাত্ৰী একেটা ৰুমতে থকাৰ ব্যৱস্থা কৰিছে। আনকি হোটেলত পানী যোগানৰ ক্ষেত্ৰতো প্ৰত্যেকজন হাজী হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে। চিকিৎসাৰ ক্ষেত্ৰত অসমৰ চিকিৎসক সকলৰ পৰা হজযাত্ৰী সকলে ভাল সহাৰি পাইছিল যদিও হিন্দী ভাষী চিকিৎসক সকলৰ পৰা অসমৰ হজযাত্ৰী সকল কোনো ধৰণৰ গুৰুত্ব পোৱা নাছিল। ফলত বহু হজযাত্ৰী চিকিৎসাৰ অভাৱত নৰক যন্ত্ৰণা ভূগিবলগীয়া হৈছে। ইফালে হজৰ সময়ত মক্কাৰ মিনাত ৫৬ নম্বৰ কেম্পত মুৱাল্লিমে অসমৰ হজযাত্ৰী সকলৰ মাজত অনুপযোগী, মেদ উকলা খাদ্য বিতৰণ কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে মিনাত ৫৬ নং কেম্পৰ দায়িত্বত থকা মুৱাল্লিমে হাজী সকলৰ মাজত মেদ উকলা খাদ্য বিতৰণ কৰি লাখ লাখ টকা লুণ্ঠন কৰিছে। যাৰ ফলত অসমৰ শ শ হজযাত্ৰী অনুপযোগী খাদ্য খাই অসুস্থ হৈ চিকিৎসাধীন হবলগা হৈছে। ইয়াৰ উপৰিও হজকমিটিয়ে হজযাত্ৰী সকলৰ খা-খবৰ লোৱাৰ বাবে নিযুক্তি দিয়া একাংশ খাদিমুল হুজ্জাৰ বিৰুদ্ধেও হাজী সকলক সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ খাদিমুল হুজ্জাই নিজৰ কৰ্তব্যত ফাকি দি অসমৰ হজযাত্ৰী সকলৰ পৰা বহু দূৰত্বত অৱস্থান কৰাৰ ফলত খাদিমুল হুজ্জাৰ জৰিয়তে হাজী সকলৰ কোনো উপকাৰ হোৱা নাই বুলি জানিব পৰা গৈছে। সেয়েহে পৰৰ্ৱতী সময়ত এনে দায়িত্বহীন খাদিমুল হুজ্জাক নিযুক্তি নিদিবলৈ সকলোৱে আহ্বান জনাইছে। মুঠতে হজকমিটিয়ে হজযাত্ৰী সকলক লৈ লৰা ধেমালি কৰা কাৰ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে। পৰৰ্ৱতী সময়ত অসমৰ হজযাত্ৰী সকলে হজব্ৰত পালন কৰাৰ ক্ষেত্ৰত যাতে মক্কাৰ মিনাত অনুপযোগী খাদ্য খাব নালাগে, হোটেলৰ ৩ জনীয়া ৰুমত ৬-৭ জন হাজী থাকিব নালাগে, চিকিৎসা আৰু পানী যোগানৰ ক্ষেত্ৰতো যাতে কোনো নৰক যন্ত্ৰণা ভুগিব নালাগে তাৰ বাবে অসম চৰকাৰ আৰু হজ কমিটিৰ দৃষ্টি গোচৰ কামনা কৰিছে। আনহাতে হজ কমিটিয়ে যাতে হজযাত্ৰীক লৈ ব্যৱসায় নকৰে তাৰ বাবেও সকিয়াই দিয়ে। অৱশ্যে ভাৰতবৰ্ষৰ কনচুলেট জেনেৰেল মোহম্মদ নুৰ ৰহমান সেখ আৰু অসমৰ পৰা যোৱা ডাঃ ৰকিবুল হুছেইনে অসমৰ হজযাত্ৰী সকলৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা বুলি জানিব পৰা যায়। কনচুলেট জেনেৰেল আৰু চিকিৎসক গৰাকীৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।

Related Articles

Leave a Reply

Close