অসমশীৰ্ষ

মদনপুৰত গোপেশ্বৰ আঞ্চলিক নাগৰিক সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

চাংসাৰিৰ পৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মদনপুৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি গোপেশ্বৰ আঞ্চলিক জেষ্ঠ নাগৰিক সন্মিলনৰ দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায় দ্বি-বাৰ্ষিক অধিৱেশন৷ এই অধিৱেশনত পুৱা ৯ বজাত সংস্থাটোৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ কাকতিয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি আৰু বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমান্বয়ে জ্যেষ্ঠ সমাজকৰ্মী অনন্ত দাস, গোপেশ্বৰ দেৱালয়ৰ দলৈ মনোজ শৰ্মা আৰু গাওঁবুঢ়া ৰাধাৰাম ডেকাই। এই জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুকলি সভাত প্ৰফুল্ল কাকতিৰ সভাপতিত্বত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ মনোৰঞ্জন শৰ্মা, ড০ দেৱদাস ভড়ালী, উত্তম বৰুৱা, জগন্নাথ পাঠকে উপস্থিত থাকি নিজ নিজ সাৱলীল ভাষণত সামাজিক জীৱনত জ্যেষ্ঠ নাগৰিকৰ গুৰুত্ব আৰু অভিজ্ঞতাৰ বিষয়ে তত্বগধুৰ মত আগবঢ়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close