
প্ৰথম খবৰ, বিহালী: মানুহৰ মন পৱিত্ৰ নহ’লে সমাজ, জাতিৰ সংস্কাৰ উন্নয়ন অসম্ভৱ৷ এই মন্তব্য ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ৷ দেওবাৰে কেবিনেট মন্ত্ৰী তথা বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিৎ দত্তৰ গৃহ সমষ্টিৰ অন্তৰ্গত ৰাংছালী গাওঁত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সদ্য ঘোষিত বিহালীৰ আদৰ্শ গাওঁ ৰাংছালীৰ ঐতিহ্য সম্পৰ্কে বক্তব্য দাঙি ধৰে৷ সদৌ ৰাংছালী আৰ্থ-সামাজিক উন্নয়ন সমিতিৰ দ্বাৰা আয়োজিত ৰাজহুৱা সভাত মন্ত্ৰী ৰঞ্জিৎ দত্তই ভাষণ প্ৰসংগত কয় যে, এখন সমাজ তথা এটা জাতিৰ উন্নয়ন বিকাশ হ’বলৈ হ’লে প্ৰত্যেক ব্যক্তিৰ ব্যক্তি জীৱনৰ আৰ্থিক উন্নয়ন আৰু মানসিক অৱস্থা সুস্থ-সৱল হোৱাটো উচিত৷ অন্যথা কোনো এখন সমাজ, জাতিৰ উন্নয়ন প্ৰগতি অসম্ভৱ৷ তদুপৰি মন্ত্ৰী দত্তই ৰাজহুৱা এই সভাখনত বিহালী সমষ্টিৰ উন্নয়ন সম্পৰ্কে সম্যক এক ধাৰণা দাঙি ধৰি বিহালীৰ জ্বলন্ত সমস্যা হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত সৌৰচালিত কাঁটা তাঁৰৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে৷ আনহাতে আৰ্থ-সামাজিক বিকাশৰ লক্ষ্যৰে আগবঢ়া অসমৰ বিজেপি চৰকাৰে এৰি-পলু তথা ৰেচম খণ্ডক অধিক ত্বৰাম্বিত কৰি অৰ্থনৈতিকভাৱে প্ৰতিগৰাকী অসমীয়াক আৰ্থিকভাৱে চহকী কৰাৰ পণ স্থিৰ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ ইয়াৰ সমান্তৰালভাৱে বিহালীৰ বৰগাংত অচিৰেই এৰি লেটা কটা স্প্ৰিনীং মেচিন(উদ্যোগ) প্ৰতিষ্ঠা হোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ সম্প্ৰতি ৰাজ্যত প্ৰতি কেজি এৰি লেটাৰ বজাৰ মূল্য ৭৬০ টকা নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰি এৰি-পলু পালক কৃষক সকলৰ উৎপাদিত এৰি লেটাসমূহ বিক্ৰী কৰিবলৈ ককন বেঙ্ক প্ৰতিটো স্থানত সহজভাৱে উপলব্ধ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী দত্তই৷ ইফালে মন্ত্ৰী দত্তই ৰাজ্যৰ প্ৰতিখন ৰাজহ গাওঁৰ আৰ্থ-সামাজিক পৰিৱেশ উন্নয়ন কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন সমিতিৰ অধীনৰ জড়িয়তে ১ কোটি ২০ লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে৷ এই আঁচনি সভাৰ জড়িয়তে ৰাজ্যৰ প্ৰতিখন ৰাজহ গাওঁ আধুনীক ৰূপত সজাই তোলা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷ লক্ষ্যণীয় যে, দেওবাৰৰ এই ৰাজহুৱা সভাত কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই স্বভাৱ সুলভভাৱে কয় যে, মই বিহালীৰ ৰাংছালী আদৰ্শ গাওঁ নিৰ্মাণৰ এজন কেপ্টেইন হলো আৰু ৰাংছালী গাওঁৰ সমূহ ৰাইজ একো-একোজন খেলুৱৈ হ’ল৷ এই আদৰ্শ গাওঁখন নিৰ্মাণৰ খেলত যদি সকলোৱে ভাল খেল প্ৰদৰ্শণ নকৰে মই কেপ্টেইন হিচাপে বিফল হ’ম৷ তদৰ্থে, বিহালীৰ ৰাংছালী আদৰ্শ গাওঁৰ প্ৰতিটো দিশ সুন্দৰভাৱে সহৃদয়তাৰে উপস্থাপন কৰিব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰী দত্তই৷ লগতে বিহালীৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা বিভিন্ন অসমাজিক কাৰ্যকলাপসমূহ বিহালীৰ প্ৰতিজন ব্যক্তিৰ ওপৰিও মূলত নাৰী সমাজে সমূখৰ পৰা নেতৃত্ব প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰে দত্তই৷ মাতৃ সমাজৰ সু-নেতৃত্বৰ অবিহনে সমাজৰ প্ৰগতি বিকাশ উন্নয়ন অসম্ভৱ বুলি কয় মন্ত্ৰী ৰঞ্জিৎ দত্তই৷ দেওবাৰে বিহালীৰ ৰাংছালীত ৰাংছালী আৰ্থ-সামাজিক উন্নয়ন সমিতিৰ সভাপতি নিৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু সম্পাদক দিগন্ত কুমাৰ দাস আৰু উপ-সভাপতি অৱনী দাসে আঁত ধৰা এই ৰাজহুৱা সভাখন বিহালী সম্ভাৱনাময় ছাত্ৰ হিৰণ্য হাজৰিকাই উদ্ধোধন কৰে আৰু এই সভাত বিশ্বনাথ জিলা উপায়ুক্ত ধীৰাজজ্যোতি কলিতা, বিশ্বনাথ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিশ্বনাথ জিলা চক্ৰ বিষয়া দিগন্ত বৈশ্য, বন বিভাগৰ এচিএফ প্ৰদীপ ব্ৰহ্ম, নৰ্ডান ৰেঞ্জৰ ৰেঞ্জাৰ, বিহালী প্ৰেছ ক্লাৱৰ সভাপতি বীৰেন্দ্ৰনাথ গোস্বামী, অৱসৰ প্ৰাপ্ত শিক্ষক কিশোৰ নাথ, জ্যেষ্ঠ নাগৰিক পূৰ্ণধৰ দাস, বিহালী প্ৰাথমিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক জে.চি বে’ককে আদি কৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷