অসমশীৰ্ষ

শক্তিআশ্ৰমত স্বামী যোগানন্দ গিৰি মহাৰাজৰ প্ৰতিমূৰ্তি উদ্বোধনৰ প্ৰস্তুতি সম্পূৰ্ণ

নিউজ ডেস্ক, প্ৰথম খবৰ: আগন্তুক গান্ধী জয়ন্তী দিৱসৰ লগত সংগতি ৰাখি অহা ২ অক্টো’বৰ ইং তাৰিখ মঙ্গলবাৰ দিনাখন কোকৰাঝাৰ জিলাৰ অন্তৰ্গত স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় প্ৰাঙ্গনত শক্তিআশ্ৰম অঞ্চলৰ প্ৰতিষ্ঠাতা স্বামী যোগানন্দ গিৰি মহাৰাজৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ কোকৰাঝাৰৰ শক্তিআশ্ৰমস্থিত স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলৰ প্ৰচেষ্ঠাত স্থাপন হ’বলগীয়া এই অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ইয়াৰ প্ৰাক্তন ছাত্ৰসকলে৷ এই অনুষ্ঠান উপলক্ষে আগন্তুক ২ অক্টো’বৰ তথা মঙ্গলবাৰে এক বিশাল শোভাযাত্ৰাৰ কাৰ্যসূচীও হাতত লৈছে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সকলে৷ এই অনুষ্ঠানলৈ লক্ষ্য ৰাখি উক্ত দিনাখন অনুষ্ঠিত হ’বলগীয়া এই শোভাযাত্ৰা কাৰ্যসূচী আৰু স্বামীজীৰ প্ৰতিমূৰ্তি উদ্বোধনী অনুষ্ঠানত উক্ত মহাবিদ্যালয়ৰ সমূহ ছাত্ৰৰে সহায়-সহযোগ আৰু উপস্থিতি কামনা কৰিছে এই অনুষ্ঠানৰ দায়িত্বত থকা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ গোটে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close