অসমশীৰ্ষ

সুধাকণ্ঠৰ জন্মমাহত মৰমলেণ্ডৰ বিশেষ বঁটা তথা সন্মান প্ৰদান অনুষ্ঠানৰ আয়োজন

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ ৰিপ’ৰ্ট, প্ৰথম খবৰ: সুধাকণ্ঠৰ জন্মমাহ বুলি ক’লে সকলোৰে মনলৈ আহে চেপ্তেম্বৰ মাহৰ কথা। যোৱা দুই চেপ্তেম্বৰত মৰমলেণ্ড ৱেলফেয়াৰ চ’চাইটি আৰু হোটেল পৰশুৰামৰ উদ্যোগত মহান ব্যক্তিজনৰ জন্মমাহৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এক বিশেষ বঁটা তথা সন্মান প্ৰদান অনুষ্ঠানৰ। য’ত আঁত ধৰে মৰমলেণ্ডৰ সঞ্চালক মৰম কুমাৰৰ লগতে সাংবাদিক ৰাজা বৰভূঞা আৰু বিজু দত্তই। প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে আয়োজন কৰা অনুষ্ঠানটোত শদিয়াৰপৰা ধুবুৰীলৈ অহা অসংখ্য প্ৰতিযোগীয়ে নৃত্য-গীতৰ প্ৰতিযোগীতাত অংশ লয়। অনুষ্ঠানটোৰ বিচাৰকৰ দায়িত্বত থাকে সূৰ্য্য গোস্বামী, ৰিতুপৰ্ণ সূত্ৰধৰ, নীলাক্ষী চাংকাকতি আৰু আস্থাৰূপাই। সংগীত প্ৰতিযোগীতাৰ প্ৰথম শ্ৰেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে জ্যোতিৰ্ময় শইকীয়া। আনহাতে, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে মৰমী শৰ্মা আৰু দীক্ষিতা শৰ্মাই। নৃত্য প্ৰতিযোগীতাৰ প্ৰথম শ্ৰেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে কৰণ সোণাৰে। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে লোপালিনা দাস আৰু বৃষ্টি কলিতাই। আবেলি অনুষ্ঠিত হোৱা বিশেষ সন্মান প্ৰদান অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সভাপতি ৰঞ্জিত দাস, জ্যেষ্ঠ লেখিকা মৃণালিনী দেৱী আৰু বলিউডৰ অভিনেত্ৰী ডেইজীয়ে। অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় পদ্মশ্ৰী ড. জয়শ্ৰী গোস্বামী মহন্ত, জিআইএমটি তেজপুৰৰ অধ্যক্ষ বুলজিৎ বুঢ়াগোহাই, অধিবক্তা নীলিমা ভট্টাচাৰ্য্য, লেখক নাট্যকাৰ ৰঞ্জিত দাস, বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ৰেজাউল হামিদ, লোক-সংস্কৃতিৰ গৱেষক হৰিদেৱ পাঠক, জিএমচিএইচৰ অধ্যাপক তথা কণ্ঠশিল্পী ডা. ৰূপশেখৰ ডেকা, প্ৰসাৰ ভাৰতীৰ অৱসৰপ্ৰাপ্ত বিষয়া মৃগেন্দ্ৰ শৰ্মা, বলিউডৰ সংগীত পৰিচালক ৰাজকুমাৰ ৰাজে, সদ্য মুক্তিপ্ৰাপ্ত হিন্দী ছবি য়ামলা পাগলা দিৱানা ফিৰ চেৰ অভিনেত্ৰী ডেইজী তথা সংগীতশিল্পী বিষ্ণু দাস আৰু নিৰ্মল দাসক। বিশেষ সন্মান প্ৰদান কৰা হয় সমাজ কল্যাণৰ যুটীয়া সচিব ভূপেশ চন্দ্ৰ দাস, যুৱ ৰাজনীতি ও উদ্যোগী অংকিতা দত্ত, চৰাইদেউ জিলাৰ সোণাৰীৰ জীয়ৰী তথা নেমকেয়াৰত কৰ্মৰত প্ৰিঞ্চি গগৈ, যুৱ সমাজসেৱক ৰমেন্দ্ৰ চন্দ্ৰ মহন্ত, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেল তথা অভিনেত্ৰী ড. কৰবী হাজৰিকা চৌধুৰী, নিৱন্ধকাৰ দিনমণি ভাণ্ডাৰ কায়স্থ, প্ৰযোজক অংকিতা চৌধুৰী, যুৱ সমাজসেৱক ৰমেন্দ্ৰ চন্দ্ৰ মহন্ত, চিকিৎসক তথা লেখক ডা. ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, লেখিকা শ্ৰীমতী পুতু দেৱী, লেখক ৰঞ্জিত বৰঠাকুৰ, স্বনামধন্য সাংস্কৃতিক সাংবাদিক বিদ্যুত কুমাৰ ভূঞা, সৰ্থেবাৰীৰ পিতল শিল্পী হৰিদাস দাস, গহণা ডিজাইনাৰ পল্লৱী হাজৰিকা, শিশুশিল্পী হৰ্ষিতা উৎপল, সমাজকৰ্মী বনমালী শৰ্মা, লেখিকা তথা সমাজকৰ্মী মৃণালিনী দেৱী আৰু ডা. অম্লান দাসক। অনুষ্ঠানত সংগীত পৰিবেশন কৰে জিএমচিএইচৰ অধ্যাপক তথা কণ্ঠশিল্পী ডা. ৰূপশেখৰ ডেকা, গায়িকা নীলাক্ষী চাংকাকতি আৰু জনপ্ৰিয় কণ্ঠশিল্পী আস্থাৰূপাই। উল্লেখ্য, মৰমলেণ্ডৰ উক্ত পদক্ষেপক ভূয়সী প্ৰশংসা কৰে অনুষ্ঠানত উপস্থিত থকা দৰ্শকৰ লগতে প্ৰতিযোগীসকলৰ অভিভাৱকসকলেও।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close