অসমশীৰ্ষ

ৰহাত “মহিলা বজাৰ” মুকলি

ৰহাৰ পৰা বুলন নাথ, প্ৰথম খবৰ: এখন ব্যতিক্ৰমী বজাৰ৷ পুৰুষ নহয়, মহিলাই বহুৱাইছে এইখন বজাৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰহা উন্নয়ণ খণ্ডৰ সহযোগত আৰু নীলকণ্ঠ মণ্ডল সংগঠনৰ উদ্যোগত মঙ্গলবাৰে ৰহাৰ ফুলগুৰিত উদ্বোধন কৰা হয় এই বজাৰখন৷ সম্পূৰ্ণ ঘৰুৱা তথা থলুৱা উৎপাদিত সামগ্ৰীৰে বিভিন্ন অঞ্চলৰ ৩১টা মহিলা আত্মসহায়ক গোটে বহুৱাইছে এই সাপ্তাহিক বজাৰখন৷ আলু-কচু, মাছ-মাংসৰ পৰা আৰম্ভ কৰি চাদৰ-মেখেলা আৰু চাহৰ দোকানলৈকে সকলো বিক্ৰী কৰিছে মহিলাই। উদ্বোধনৰ প্ৰথম দিনাই এই বজাৰখনলৈ সমাগম ঘটে হাজাৰ হাজাৰ লোকৰ৷ প্ৰতি মঙ্গলবাৰে অনুষ্ঠিত হ’বলগীয়া এই সাপ্তাহীক বজাৰখনে মহিলা সবলীকৰণ তথা স্বাৱলম্বিতাৰ এক নতুন যাত্ৰা সূচনা কৰিব বুলি আশা কৰিছে বিভিন্নজনে৷

Related Articles

Leave a Reply

Close