অসমশীৰ্ষ

ৰাভা হাছং পৰিষদৰ উদ্যোগত দুধনৈত হিতাধিকাৰীৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আজি দুধনৈ উদয়পুৰ ৰাজহুৱা খেলপথাৰত ২০১৭-১৮ ইং বিত্তীয় বৰ্ষৰ অনুদানেৰে পৰিষদৰ দক্ষিণ দুধনৈ সমষ্টিৰ হিতাধিকাৰীৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই মহিলা সকলৰ মাজত উষা কোম্পানীৰ চিলাই মেচিন ছেট বিতৰণেৰে আজিৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজিৰ এই সামগ্ৰী বিতৰণ অনুষ্ঠানত স্কুলীয়া-ছাত্ৰীৰ মাজত ৭২ খন চাইকেল বিতৰণ কৰাৰ লগতে অন্যান্য বহুকেইজন ব্যক্তিক ৫৪খন চাইকেল প্ৰদান কৰা হয়৷ আনহাতে আজিৰ এই অনুষ্ঠানত বিভিন্ন সংগঠনক ৩১০ খন চকী প্ৰদান কৰাৰ সমান্তৰালকৈ জনগোষ্ঠীয় মহিলা সকলৰ মাজত ৪৯১ বাণ্ডিল সুতা আৰু দুখীয়া পৰিয়ালৰ মাজত ১০০ বাণ্ডিল টিনপাত প্ৰদান কৰাৰ লগতে খেতিয়ক সকলৰ মাজত ৫০ টা স্প্ৰে মেচিন আৰু সংগীত শিল্পী সকলৰ মাজত ৪টা আধুনীক বাদ্যযন্ত্ৰৰ ছেট বিতৰণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close