অসমশীৰ্ষ

ৰাভা হাছঙক ASCRDAৰ পৰিসীমাৰ পৰা কৰ্তনৰ দাবীত দুধনৈত দুঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: ৰাভা হাছং আৰু Tribal Belts and Block এলেকাধীন ৩৮৭ খন গাওঁ Assam State Capital Regional Development Authority Act(২০১৭)ৰ অধীনত অন্তৰ্ভুক্ত হোৱা আৰু এই গাওঁসমূহ সংশোধনীৰ জড়িয়তে কৰ্তন কৰাৰ দাবীত আজি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত দুধনৈত দুঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুধনৈস্থিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ কাৰ্যালয়ৰ পৰা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ অন্তৰ্গত ২৫ টা সংগঠনৰ নেতৃত্বই “অসম চৰকাৰ মুৰ্দাবাদ”,“হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ”,“আমাক এছকাৰ্ডা আইন নালাগে”,“আমাক ষষ্ঠ অনুসূচী লাগিবই” ইত্যাদি শ্লোগান দি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে সমদল কৰি আহি আজি দুধনৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীৰ সামৰণিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই এই আইন খনৰ তীব্ৰ বিৰোধীতা কৰি এই আইনখনে ৰাভা হাছং পৰিষদীয় এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ লগতে অন্যান্য অধিকাৰ সমূহ কাঢ়ি নিয়াৰ কথা উল্লেখ কৰাৰ লগতে মহানগৰ সম্প্ৰসাৰণৰ নামত পৰিষদীয় এলেকাৰ ৩৮৭ খন গাওঁৰ ৰাইজক হাৰাশাস্তি কৰাৰ কথা উল্লেখ কৰি যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাভা হাছং বাসীয়ে দেহত শেষ বিন্দু তেজ থকালৈকে এই আইন খনৰ তীব্ৰ বিৰোধীতা কৰি যোৱাৰ কথা উল্লেখ কৰে৷ লগতে এই আইনখন সংশোধনী কৰিবলৈ বিজেপি নেতৃত্বাধীন মিত্ৰযোটৰ চৰকাখনলৈ আহ্বানো জনায় সভাপতগৰাকীয়ে। অন্যথা আগন্তুক দিনত ভয়ংকৰ আন্দোলন কৰা হ’ব বুলি চৰকাৰলৈ সকিয়নি প্ৰদান কৰে সভাপতিগৰাকীয়ে৷ শেষত এই আইনখন বাতিলৰ দাবীত যৌথ সংগ্ৰাম সমিতিৰ নেতৃবৃন্দৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ দুধনৈ চক্ৰ বিষয়া উৰ্মী মেধীৰ জড়িয়তে অসম চৰকাৰলৈ প্ৰেৰণ কৰে৷ আজিৰ এই ধৰ্ণা কাৰ্যসূচীত ৰাভা হাছং পৰিষদৰ অধক্ষ্য তৰুণ চন্দ্ৰ ৰাভা, তিনিগৰাকী কাৰ্যবাহী সদস্য ক্ৰমে জীৱন ৰাভা, তাপস চন্দ্ৰ দে, চাৰুমোহন ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক শ্যামজিৎ ৰাভা, আছু গোৱালপাৰা জিলা সমিতিৰ সভাপতি প্ৰবোধ কলিতা উপস্থিত থকাৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন আৰু দুধনৈবাসী ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close