
প্ৰথম খবৰ, জাজৰি: নগাঁও চহৰৰ মাজমজিয়াত এদল সংস্কৃতিপ্ৰেমী কিশোৰ-কিশোৰীৰ অশেষ ত্যাগৰ ফলত পাতনি মেলিছিল ৰিবেলছ নাট্যগোষ্ঠী৷ নৱপ্ৰজন্মক লগত লৈ সংস্কৃতিৰ পথাৰখনক অাৰু এখোজ অাগুৱাই নিয়াৰ মানসেৰে গঢ় লৈ উঠা ৰিবেলছ নাট্যগোষ্ঠীয়ে ইতিমধ্যে সগৌৰৱেৰে এবছৰ অতিক্ৰম কৰিলে। সেই অনুসৰি নগাঁও নাট্য মন্দিৰত দেওবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় ইয়াৰ বৰ্ষপুতি অনুষ্ঠান৷ এই কাৰ্যসূচী অনুসৰি পুৱা গোষ্ঠীটোৰ পতাকা উত্তোলনৰ পাছতেই চিত্ৰাংকন প্ৰতিযোগীতা অনুষ্ঠিত হয় আৰু বিয়লি একক নৃত্য প্ৰতোযোগীতাৰ পিছতেই সন্ধিয়া প্ৰয়াত গুণ মহন্তৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যুৱ অভিনেতা সোণমনি বেজবৰুৱাই। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই মঞ্চস্থ কৰা হয় ধনঞ্জয় বৰদলৈৰ দ্বাৰা ৰচিত অাৰু পৰিচালিত এখনি একাংকীয়া নাট “বিভ্ৰান্তি”। শেষত জাতীয় সংগীত পৰিৱেশনেৰে উক্ত অনুষ্ঠানৰ সফল সামৰণি পৰে। ইফালে অনাগত দিনত সংস্কৃতিৰ ক্ষেত্ৰখনত যুৱ প্ৰজন্মক লৈ এক অালোড়ন সৃষ্টী কৰিব বুলি গোষ্ঠীটোৰ প্ৰতিষ্ঠাপক কস্তুৰি তালুকদাৰ অাৰু ইন্দোকল্প ভড়ালীয়ে জানিবলৈ দিয়ে৷