নিবন্ধযুৱশীৰ্ষ

আধুনিকতাৰ ধামখুমীয়াত বলাৎকাৰ

শ্ববনম বাগ্লাৰী:

সভ্যতাৰ বটবৃক্ষডালৰ ঠাল-ঠেঙুলিবোৰ এদিন লহপহকৈ বাঢ়ি আহিছিল। একালৰ বৰ্বৰ মানুহৰ এতিয়াৰ পৰিচয় সভ্য। কিন্তু এই সভ্যতাৰ প্ৰকৃত সংজ্ঞা বিচাৰি আজি বহুতেই হায়ৰাণ। সভ্য সমাজৰ আদব-কায়দা মানেনো কি? লজ্জা নিবাৰণৰ বাবে শৰীৰটোক ঢাকিবলৈ শিকা নে সুস্বাদু খাদ্যৰ প্ৰতি ৰুচিবোধ বাঢ়ি অহা? যদি এইবোৰ সভ্যতা তেন্তে কিয় সভ্য সমাজৰ কাপোৰ সাজৰ ভিতৰত লুকাই থাকে দানৱীয়তা? আজিও দেশত প্ৰতিদিনেই সংঘটিত হয় ধৰ্ষণৰ দৰে অপৰাধ।

National Crime Records Bureauৰ এক সমীক্ষা অনুসৰি ২০১২ চনত ২৪,৯২৩টা ধৰ্ষণৰ ঘটনা বাঢ়ি ২০১৩ চনত হয়গৈ ৩৩,৭০৭টা। ইয়াৰ উপৰি বহুতো ধৰ্ষণ কাণ্ড আইনী প্ৰক্ৰিয়াৰ মাজলৈ নহাকৈয়ে পঞ্চায়ত বা তেনে পৰ্যায়তে সামান্য পৰিমাণৰ জৰিমনা বিহি মীমাংসা কৰা হয়।

বদনাম হোৱাৰ ভয়তো এনে বহু ঘটনা ভুক্তভোগীয়ে বেলেগৰ লগত আলোচনা কৰাৰ পৰা বিৰত থাকে। এনেদৰে জুকিয়াই চালে দেখা যায় যে চৰকাৰী নথিত লিপিবদ্ধ হোৱা ঘটনাৰ দুই বা তিনিগুণৰ অধিক এনে ঘটনা ভাৰতবৰ্ষত দৈনিক সংঘটিত হৈ আহিছে।

ধৰ্ষণৰ ক্ষেত্ৰত ভাৰতবৰ্ষত পঞ্জীয়ন হোৱা গোচৰসমূহলৈ লক্ষ্য কৰিলে দেখা যাব যে ২০১৪ চনৰ পৰা আজিৰ তাৰিখলৈ প্ৰায় তিনি লক্ষাধিক মহিলা বিভিন্ন ক্ষেত্ৰত যৌন নিগ্ৰহৰ বলি হৈ আহিছে। গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজিজুয়ে ৰাজ্যসভাত দিয়া ভাষণত উল্লেখ কৰিছে যে ২০১৪ চনৰ পৰা ২০১৬ লৈ প্ৰায় ১,১০,৩৩৩ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। ২০১৪ চনত হোৱা এক সমীক্ষা অনুসৰি প্ৰতিদিনে ভাৰতবৰ্ষত প্ৰায় ৯২ গৰাকী মহিলা ধৰ্ষিতা হয়, অৰ্থাৎ প্ৰতি আধাঘণ্টাত এটাকৈ ধৰ্ষণ সংঘটিত হয়।

এতিয়া প্ৰশ্ন হয় ভাৰতবৰ্ষৰ দৰে এখন ৰক্ষণশীল সমাজত প্ৰতিদিনেই নাৰী নিগ্ৰহৰ দৰে ঘটনা সংঘটিত হোৱাৰ মূলতে কি কাৰণ থাকিব পাৰে? বিশিষ্ট চিন্তাবিদসকলে এইক্ষেত্ৰত যৌনগন্ধী বোলছবি তথা কিতাপ, প্ৰচাৰ মাধ্যমত উত্তেজক পণ্যসামগ্ৰীৰ অত্যধিক প্ৰচাৰ, নৈতিক শিক্ষাৰ অভাৱ আদিৰ দৰে কেতবোৰ কাৰণ বিচাৰি উলিয়াইছে। এই কাৰণসমূহ খুউব দকৈ বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হৈ পৰিব যে আমাৰ সমাজখনে আধুনিকতাৰ সুবিধাসমূহৰ সুপ্ৰয়োগ কৰিব জনা নাই।

এইক্ষেত্ৰত ইণ্টাৰনেটৰ সহজলভ্যতাৰ কথাকে উনুকিয়াব পৰা যায় , মন আৰু শৰীৰক নিচাগ্ৰস্ত কৰি তুলিব পৰা হাজাৰ হাজাৰ পণ্য ইণ্টাৰনেটত ওপঙি ফুৰিছে। এক হিচাপ অনুসৰি ভাৰতবৰ্ষত ৪০% ই দৈনিক যৌনগন্ধী ছবি চায়, এনেদৰে দৈনিক পৰ্ণগ্ৰাফী ফিল্ম চালে মানুহৰ মানসিকতা সলনি হ’বলৈ বেছি দিনৰ প্ৰয়োজন নহয়।

অন্য এক দৃষ্টিকোণৰ পৰা চাবলৈ গলে বৰ্তমানৰ প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাক বহুতো অনৈতিক কাৰ্যৰ সংঘটিত হোৱাৰ বাবে কিছু পৰিমাণে দায়ী বুলি ক’ব পৰা যায়। কিয়নো নৈতিক তথা মানবীয় প্ৰমূল্যবোধৰ শিক্ষাৰ পৰা বহুযোজন দূৰৰ শিক্ষা ব্যৱস্থা সুচৰিত্ৰ গঠনত সহায়ক হ’ব নোৱাৰে।

যোৱা কেইবছৰমানৰ পৰা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমতো ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। অসমত সংঘটিত হোৱা ধৰ্ষণৰ ঘটনাবিলাকক বহুতেই সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰে। এইখিনিতে এটা কথা উল্লেখনীয় যে ধৰ্ষণকাৰীৰ জাতি খুচৰি থকাতকৈ অপৰাধীৰ মানসিকতা গঢ় লৈ উঠাৰ কাৰণসমূহ বিশ্লেষণ কৰাটোহে বেছি প্ৰয়োজনীয়।

এদিন আছিল যেতিয়া নাৰীৰ মৰ্যাদা আৰু স্বাধীনতা দুয়োটাই নাছিল। অনিচ্ছাকৃত কামনাৰ বলি হোৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈকে নাৰীয়ে সৰ্বাংগজুৰি বোৰ্খা পিন্ধিছিল। অসমতো জুই লা নামৰ এবিধ পদাৰ্থৰে নাৰীয়ে দাঁতবোৰ ক’লা কৰি ৰাখিছিল। সময়ৰ সৈতে সেই ক’লা দিনবোৰ এদিন ইতিহাস হৈছিলগৈ। অতি সম্প্ৰতি সেই ক’লা দিনবোৰ যেন আকৌ ওভতি আহিছে।

আজিৰ নাৰীৰ স্বাধীনতা আছে কিন্তু সেই স্বাধীনতা উপভোগ কৰিব পৰাকৈ নাৰী নিৰাপদ নহয়। স্কুল কলেজ, অফিচ কাছাৰী সকলোতে নাৰীয়ে নিৰাপত্তাহীনতাত ভোগে।

এইখিনিতে এটা কথা উল্লেখনীয় যে ভাৰতবৰ্ষই ক্ৰমান্বয়ে নিজকে আধুনিকৰূপে গঢ়ি তুলিছে। কোনো কোনো ক্ষেত্ৰত এই আধুনিক আৰ্থসামাজিক ব্যৱস্থাই ভাৰতীয় পৰম্পৰাগত সামাজিক গাঁথনিত মোক্ষম আঘাত হানিছে। লিংগ বৈষম্য দূৰীকৰণ তথা নাৰী-পুৰুষৰ সম সামাজিক স্থান নিৰ্ণয় আদিৰ দৰে বিষয়সমূহ বহুক্ষেত্ৰত চুড়ান্তভাৱে বিফল হৈছে। বহুতেই নাৰীবাদৰ প্ৰকৃত ধাৰাক বিপথে পৰিচালিত কৰাৰ ফলতেই আহি পৰিছে অসীম স্বাধীনতা ভোগ কৰাৰ দৰে কিছুমান ধাৰণা। যিয়ে ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত হোৱাত আৰু অধিক হাত উজান দিছে।

আধুনিকতাৰ নামত অবাধ স্বাধীনতা ভোগ কৰিব বিচৰা নাৰীসকলে এই কথা পাহৰি পেলাইছে যে শিক্ষাৰ পোহৰৰ পৰা সতযোজন আঁতৰত থকা সেই পিলিঙা উদণ্ড ল’ৰাকেইটা, অলিয়ে-গলিয়ে বিড়ি হুপি থকাকেইটাই আধুনিকতাৰ অৰ্থ বুজি নাপায়। কিয়নো এই অপৰাধৰ সৈতে জড়িত অধিকাংশ অপৰাধীয়েই গ্ৰাম্য তথা বস্তি অঞ্চলৰ। এই কথা অনস্বীকাৰ্য যে আধুনিকতাৰ চিৰিত খোজ দিবলৈ যাঁওতে পশ্চিমীয়া দেশসমূহতো ধৰ্ষণৰ দৰে ঘটনাসমূহ বৃদ্ধি পাইছিল। কিন্তু সম্পূৰ্ণৰূপে আধুনিক হিচাপে পৰিগণিত পাশ্চাত্যৰ দেশসমূহত আজি ধৰ্ষণৰ দৰে ঘটনা কমি আহি প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে।

আমি সকলোৱে জানো Section 376ৰ জড়িয়তে ধৰ্ষণকাৰীক ৭ বছৰৰ পৰা যাব্বজীৱন কাৰাদণ্ড বিহাৰ বিধান আছে। নাবালিকা ধৰ্ষণৰ ক্ষেত্ৰত মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি ঘোষণা কৰাৰো নজিৰ আছে। তথাপি সমাজৰ পৰা এই ব্যাধি এতিয়াও শেষ হৈ যোৱা নাই। এতিয়া অতিকৈ প্ৰয়োজন ধৰ্ষণৰ বিপক্ষে জাগৰণৰ, সতৰ্কতাৰে আগবাঢ়িব লাগিব আজিৰ নাৰী সমাজ। যুগসন্ধিৰ এই সময়ছোৱাত ধৰ্ষণৰ দৰে সমস্যাসমূহ নাইকিয়া কৰিবলৈ সকলোৱে আন্তৰিকতাৰে উদ্যোগ ল’ব লাগিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close