অসম

উত্তৰ গুৱাহাটীত উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা পূজা ন-গোসাঁই পূজাৰ আয়োজন

পঙ্কজ নাথ, চাংসাৰি :-  উত্তৰ কামৰূপৰ অন্যতম পুৰণি দুৰ্গা পূজা ন-গোসাঁই হাউলি দুৰ্গা পূজা প্ৰতি বছৰে পৰম্পৰাগতভাবে উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈ আহিছে। ১৮২৬ চনতে প্ৰতিস্থা কৰা উত্তৰ গুৱাহাটী ন-গোসাঁই হাউলিৰ দুৰ্গা পূজাভাগ এইবেলিও ১৪ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ ছয়দিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে পালন কৰাৰ বাবে প্ৰস্তুতি কৰি থকা হৈছে। প্ৰথম দিনা ১৪ অক্টোবৰত দিনৰ ৭:৪৪ মিনিটত ৬ষ্ঠী পূজাৰে এই বিশেষ পুজাৰ আৰম্ভণি হব। ১৬ অক্টোবৰ দ্বিতীয় দিনা ৰাতিপুৱা ১০:৩০ বজাৰ পৰা মহাসপ্তমী পূজা ৷ ১৭অক্টোবৰ ৩০ ১২:২৭ বজাৰ পৰা মহাঅষ্টমী ৷ সন্ধিপূজা দিনৰ ১২:০৩ মিনিটৰ পৰা ১২ :৫১ মিনিটলৈ ৷ ১৮ অক্টোবৰ ২:৩০ বজাৰ পৰা মহানৱমী পুজা ৷ ১৯ অক্টোবৰ অন্তিম দিনা নৱপত্ৰিকা বিসৰ্জনেৰে জগতজননী দুৰ্গা দেৱীৰ পূজাভাগ সম্পন্ন কৰা হব বুলি জানিবলৈ দিছে। ন-গোসাঁই পৰিয়ালে সম্পূৰ্ণ তান্ত্ৰিক পদ্ধতিৰে বলিবিধান নোহোৱাকৈ এই পূজাভাগ বিধি অনুসৰি কৰা হব বুলি পৰিয়ালৰ তৰফৰ পৰা ইষেশ্বৰ গোস্বামী আৰু মুকুটেশ্বৰ গোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। লগতে পূজাৰ কেইদিন আয়তীৰ নাম কীৰ্তন আৰু বিভিন্ন মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হব বুলি পৰিয়ালৰ তৰফৰ পৰা জনাইছে। পুজাৰ সকলো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিতি আয়োজক সকলে আন্তৰিকতাৰে কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close