অসম

কলগাছিয়াত কুঁহিপাঠ পুথিভঁৰাল উন্মোচন সাংবাদিকৰ

কলগাছিয়াৰ পৰা প্ৰথম খবৰ আব্দুল হাই : অসম সৰ্বশিক্ষা অভিযানৰ অধীনত বৰপেটা জিলাত সম্প্ৰতি গঢ়ি উঠা কুঁহিপাঠ পুথিভঁৰাল আন্দোলনে জিলা খনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ আৰু গুনগত শিক্ষাৰ উত্তৰনৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পুথিভঁৰাল আন্দোলনৰ অংশ হিচাপে আজি জিলা খনৰ মন্দিয়া শিক্ষা খন্ডৰ অন্তগৰ্ত তিনি খনকৈ বিদ্যালয়ত সৰ্বশিক্ষাৰ শিক্ষক প্ৰশিক্ষণ বিভাগৰ জিলা প্ৰকল্প বিষয়া প্ৰনৱজ্যোতি কলিতা আৰু জৰিতকৰণ বিভাগৰ প্ৰকল্প বিষয়া নিৰনজন ওজাৰ উপস্থিতিত কলগাছিয়াৰ নিউজ লাইভৰ জেষ্ঠ্য সাংবাদিক আব্দুল হায়ে কুঁহিপাঠ পুথিভঁৰালৰ শুভ উন্মোচন কৰি এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলকো এই পুথিভঁৰাল প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ কৰে। উক্ত উন্মোচনী অনুষ্ঠানৰ আতধৰে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুছ ছাত্তাৰ আহমেদে। সেই অনুসৰি পুৱা ১০ বজাত হাজী কৈফত আলী এম ই মাদ্ৰাছাৰ কুঁহিপাঠ পুথিভঁৰাল উন্মোচনৰ পিছতে ছাত্ৰ ছাত্ৰীৰ সৈতে এক মত বিনিময় সভাত মিলিত হয় জিলা প্ৰকল্প বিষয়াদ্বয়ে। উক্ত উন্মোচনী সভাত প্ৰকল্প বিষয়া কলিতাই দিয়া ভাষনত কয় “পুথিভঁৰালৰ কিতাপ সমুহ আলমাৰীত ভৰাই থোৱাৰ পৰিবৰ্তে দেৱালত প্ৰনালীবদ্ধ ভাৱে ওলমাই থোৱাৰ কাৰনে ছাত্ৰ ছাত্ৰীৰ কিতাপ পঢ়াৰ প্ৰতি নিসন্দেহে আগ্ৰহ বাৰিব আৰু ইয়াৰ দ্বাৰা তেওলোকৰ দক্ষতা বৃদ্ধি পাব। ইফালে আন এগৰাকী প্ৰকল্প বিষয়া নিৰনজন ওজাই সম্প্ৰতি কুঁহিপাঠ পুথিভঁৰালে বৰপেটা জিলাত বহুল জনপ্ৰিয়তা লাভ কৰা বুলি উল্লেখ কৰে। বিদ্যালয় পৰিচালনা সমিতি আৰু ৰাইজৰ দান বৰঙনিৰে জিলা খনৰ দুই শৰো অধিক বিদ্যালয়ত কুঁহিপাঠ পুথিভঁৰাল স্হাপনৰ কাম সম্পূৰ্ণ হোৱা বুলি সদৰি কৰে। ইয়াৰ পিছত ১৭৩৫ নং বালিকুৰি পশ্চিম কলনি পল্লী মণ্ডল প্ৰাথমিক বিদ্যালয় আৰু ৯২৮ নং ৰুভি প্ৰাথমিক বিদ্যালয় আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন অনুষ্ঠানতো অংশ গ্ৰহণ কৰে বিষয়াদ্বয়ে। আগন্তক গুণোৎসৱৰ প্ৰস্তুতি হিচাপে আটকধুনীয়াকৈ সজাই তোলা বিদ্যালয় তিনিখনৰ শৈক্ষিক পৰিৱেশ দেখি সাংবাদিক আৰু বিষয়াদ্বয়ে ভুয়শী প্ৰশংসা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close