অসম

কলগাছিয়াৰ গুইলেজাত ভয়ংকৰ গৰাখহনীয়া

চপৰা চপৰে খহিছে শস্য শ্যামলা খেতি পথাৰ । খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

কলগাছিয়াৰ পৰা প্ৰথম খবৰ আব্দুল হাই :: কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজাত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াত নিশ্চিহ্ন হৈ পৰিছে ৩০/৩৫ টা পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু মাটি-ভেটি । চপৰা চপৰে খহিছে শস্য শ্যামলা খেতি পথাৰ । বিগত বানপানীৰ পিছৰে পৰাই বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি নৈ পৰীয়া ৰাইজৰ ঘৰ দুৱাৰ উছন কৰাৰ লগতে মূৰৰ ঘাম মাটিত পেলাই কৰা শ শ বিঘা শালি ধানৰ খেতি চকুৰ সন্মুখতে উছন কৰি নিয়াত ধান পকাৰ পূৰ্বেই পশু খাদ্যৰ বাবে কেচা শালি ধানৰ গছ কাটি লৈ যাবলৈ বাধ্য হৈ পৰিছে দৰিদ্ৰ খেতিয়ক সকলে । কষ্টৰে ৰোৱা ধান খেতি খহনীয়াত বিনষ্ট হোৱাত একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল পৰিয়াল সমূহ অনাহাৰে মৰিব লগা পৰিস্থিতিৰ সৃষ্টি হব বুলি আশংকা কৰি হতাশাত ভাগি পৰিছে ৰাইজে । সেয়ে খহনীয়া প্ৰতিৰোধ কৰা আৰু খহনীয়াগ্ৰস্থ পৰিয়ালক পূণৰসংস্থাপন দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে ১০২৬ নং গুইলেজা প্ৰাথমিক বিদ্যালয়ৰ লগতে শতাধিক পৰিয়াল খহনীয়াই উছন কৰি লব বুলি চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ । স্মৰ্তব্য যে, অঞ্চলটোত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ পিছতো চৰকাৰ তথা প্ৰসাশনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে । কিন্তু স্থানীয় বিধায়ক আব্দুল খালেকে খহনীয়া প্ৰতিৰোধৰ বাবে বাহৰ পাৰ্কুপাইন নিৰ্মাণ কৰিবলৈ কেইবালাখ টকা আবন্টন দিছে যদিও সেয়া এপাচি শাকত এটা জলকীয়াহে মাথোন । তথাপি সেই বাহৰ পাৰ্কুপাইন বিজ্ঞান সন্মত ভাৱে স্থাপন নকৰাত পানীৰ সোঁতে উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে । সেয়ে গুইলেজা গাঁৱত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিজ্ঞান সন্মত ভাৱে বল্ডাৰ পিচিঙৰ স্থায়ী ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close